নগাঁও, : অৱশেষত আৰক্ষীৰ জালত পৰিছে প্ৰৱঞ্চক আব্দুল মালেক ৷ কামপুৰৰ বহু দুখীয়া লোকৰ ভুৱা তথ্য পাতিৰে বাইক ক্ৰয় কৰি আত্মসাৎ কৰিছিল লাখ লাখ টকা ৷ কামপুৰ বৰপানী অটোমবাইলছʼৰ স্বত্বাধিকাৰী আব্দুল মালেকৰ বিৰুদ্ধে উত্থাপন হৈছে এনে ভয়ংকৰ অভিযোগ ।
উল্লেখ্য় যে দুখীয়া লোকক অৰুণোদয়ৰ লগতে অন্যান্য চৰকাৰী আঁচনিৰ দিম বুলি প্ৰলোভন দি সংগ্ৰহ কৰে পেন কাৰ্ড, আধাৰ কাৰ্ড । এই নথি পত্ৰসমূহ এইচডিবি ফাইনেন্স নামৰ এটা ঋণদান প্ৰতিষ্ঠানৰ একাধিক বিষয়া-কৰ্মচাৰীৰ সৈতে মিলি Honda Two wheeler dealer m/s Borpani Automobiles নামৰ নিজৰ বাইক প্ৰতিষ্ঠানৰ পৰা দুখীয়া নিচলা লোক সকলৰ নামত দুচকীয়া বাহন ক্ৰয় কৰি লাখ লাখ টকাৰ আত্মসাৎ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল ।
ঘটনা সন্দৰ্ভত মূখ্যমন্ত্ৰীৰ তদাৰকী শাখাত অভিযোগ দাখিল কৰাৰ লগতে নগাঁও আৰক্ষীক এজাহাৰ দাখিল কৰিছিল ভোক্তভোগী লোকসকলে । সোমবাৰে নগাঁও আৰক্ষীয়ে আব্দুল মালেকক গ্ৰেপ্তাৰ কৰি নিশা কামপুৰস্থিত বৰপানী অটমবাইলচ আৰু তেঁওৰ মাধৱপাৰ বাসগৃহত অভিযান চলায় ডিলাৰৰ কম্পিউটাৰকে ধৰি বহু তথ্য পাতি সংগ্ৰহ কৰে ৷
