
তিনিচুকীয়া, ২৭ ডিচেম্বৰ (হি.স.): তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। শুক্ৰবাৰে সন্ধিয়া লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰোচন থাপাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে লিডু বিদ্যা নগৰ অঞ্চলৰ পৰা নিষিদ্ধ ড্ৰাগছ সহ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় । আটকাধিন লোক দুজন ক্ৰমে মনছু হাইছা আৰু আজি মামাই বুলি জানিব পৰা গৈছে । দুয়োকে আৰক্ষীয়ে অধিক তথ্যৰ বাৱে জেৰা অব্যাহত ৰাখিছে ।
উল্লেখ্য যে মাৰ্ঘেৰিটা আৰু লিডুত শেহতিয়া কৈ মাৰাত্মক ড্ৰাগছৰ অবৈধ্য বেহাই এক কাল ৰূপ ধাৰণ কৰাত চিন্তাম্বিত হৈ পৰিছে সচেতন মহল। আজি লিডু আৰক্ষীয়ে স্থানীয় ৰাইজৰ তৎপৰতাত ৭ টাকৈ ড্ৰাগছ ভৰ্তি চাধা টেমা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুই ব্যক্তিক আটক কৰি নিজা তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
