কামৰূপ, ১৭ ফেব্ৰুৱাৰী : ৰঙিয়াত ড্ৰাগছ সহ নগদ জব্দ কৰা হৈছে । এই সন্দৰ্ভত আৰক্ষীৰ জালত পৰিছে এহাল পিতা পুত্ৰ । শুক্ৰবাৰ নিশা ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলে ৷ ৰঙিয়াৰ বালাগাঁৱত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে দুটা চাবোনৰ বাকচসহ ২২.৩৯ গ্ৰাম হেৰ’ইন ৷
ড্ৰাগছৰ ব্যৱসায়ত জড়িত ধৃত পিতা-পুত্ৰ ক্ৰমে ৰঙিয়াৰ বালাগাঁৱৰ ইছাহক আলী আৰু আছলাম হুছেইন ৷ ধৃত পিতা পুত্ৰৰ আৰক্ষীৰ আগত স্বীকাৰোক্তি ড্ৰাগছৰ ব্যৱসায় চলাবলৈ স্থানীয় জেহেৰুল আলীয়ে বিত্তীয় সাহাৰ্য আগবঢ়াই আহিছে । লগে লগে আৰক্ষীয়ে জেহেৰুল আলীৰ ঘৰত অভিযান চলায় । ইফালে আৰক্ষীৰ উমান পাই পলায়ন কৰে জেহেৰুল আলী । কিন্তু আৰক্ষীয়ে জেহেৰুল আলীৰ গৃহৰ পৰা ৩ লাখ, ৬৫ হাজাৰ, ৫ শ টকা জব্দ কৰে । আৰক্ষীয়ে ইতিমধ্যে জেহেৰুল আলীৰ সন্ধানত নামি পৰিছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
