হোজাই, ০১ ফেব্ৰুৱাৰী : ভাৰতীয় ৰে’লযোগে সৰৱৰাহ হৈছে বাৰ্মিজ চুপাৰী। লামডিং ৰে’ল ষ্টেচনত লামডিং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী।
নামনিমুৱা ১৫৬৬৬ নম্বৰ বিজি এক্সপ্ৰেছ ৰে’ল খনৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰীখিনি ৷ ৮ টাকৈ কাপোৰৰ বেগত লামডিং আৰক্ষীয়ে প্ৰায় ২ কুইন্টল বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয় ৷
