

















































নগাঁও, ১৮ জানুৱাৰী(হি.স.)। নগাঁৱৰ চামগুৰি স্থিত কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই উৎকোচ গ্ৰহণ কৰি হাতে লোটে গ্ৰেপ্তাৰ হৈছে । দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে অধ্যক্ষ বুলবুল চৌধুৰীক।
শিক্ষকৰ এৰিয়াৰ বিল পাছ কৰাই দিয়াৰ বিনিময়ত উৎকোচ বিচাৰিছিল অধ্যক্ষ বুলবুল চৌধুৰীয়ে। প্ৰত্যেকজন শিক্ষকৰ পৰা ২ হাজাৰকৈ টকা উৎকোচ বিচাৰিছিল অধ্যক্ষ বুলবুল চৌধুৰীয়ে। সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ঘোচখোৰ অধ্যক্ষ বুলবুল চৌধুৰীক।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/ৰমেন/মনোজ
