মানকাচৰ, ২৪ নৱেম্বৰ (হি.স.): হাটশিঙিমাৰীৰ সুখচৰত অব্যাহত আছে বাংলাদেশলৈ চোৰাং গৰু-ম’হ সৰবৰাহ।সন্ধিয়া হ’লেই আৰম্ভ হয় বাংলাদেশলৈ চোৰাং গৰু-ম’হৰ চোৰাং বেহা।
আৰক্ষীক চেলেঞ্জ দি গৰু-ম’হৰ চোৰাং বেহা অব্যাহত থকাৰ সময়তে সুখচৰ আৰক্ষীৰ অভিযান চলে। যোৱানিশা সুখচৰ আৰক্ষীৰ অভিযানত বাতেনেৰ চৰৰ পৰা ৬ টা ম’হ আৰু ২টা গৰু জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্য়ে কোনো চোৰাং বেপাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
