
কামৰূপ, ২৬ আগষ্ট (হি.স.)। কামৰূপ জিলাৰ হাজোৰ ভেলামাৰীত সোমবাৰে নিশা নৃশংস হত্যাকাণ্ড সংঘটিত হয়। সম্পত্তিৰ বাবেই নিজ ভায়েকক হত্যা কৰে ককায়েকে। মৃত লোকজন ভেলামাৰীৰ ৰূপম কলিতা বুলি পৰিচয় পোৱা গৈছে।
নিজ মাতৃক কোঠাত বন্ধ কৰি চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ভাতৃ ৰূপম কলিতাক। ইতিমধ্যে ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী মৃদুল কলিতাক আটক কৰিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
