
কামৰূপ, ২৯ জুলাই (হি.স.): হাজোত ড্ৰাগছ সহ দুজন আটক কৰা হৈছে। গোপন খবৰৰ ভিত্তিত যোৱা নিশা হাজো আৰক্ষী থানাৰ পৰিদৰ্শক ৰূপম হাজৰিকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বুল্লুট কোঁৱৰপুৰত তালাচী অভিযান চলাই দুজন মটৰ চাইকেল আৰোহী কৰায়ত্ত কৰি তেওঁলোকৰ পৰা এটা সন্দেহ জনক ড্ৰাগছৰ পেকেট উদ্ধাৰ কৰে।
ড্ৰাগছ খিনিৰ ওজন ১২ গ্ৰাম বুলি কোৱা হৈছে। ধৃত লোক দুজন ক্ৰমে ইন্তাজ আলী ওৰফে চাদ্দম আলী আৰু জয়নাল আলী। দুয়োৰে ঘৰ কোঁৱৰপুৰত।ধৃত লোক দুজনৰ পৰা ড্ৰাগছৰ লগতে মটৰ চাইকেল দুখন আৰু মোবাইল ফোন দুটা জব্দ কৰে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
