ইম্ফল, ২০ ডিছেম্বৰ (হি.স.): মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। আজি আৰক্ষীয়ে দিয়া এক আনুষ্ঠানিক তথ্য অনুসৰি, মণিপুৰৰ ইম্ফল পূব, বিষ্ণুপুৰ আৰু ইম্ফল পশ্চিম জিলাৰ সীমান্ত আৰু সংবেদনশীল অঞ্চলত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান চলায়।
অভিযানত বিষ্ণুপুৰ জিলাৰ পৰা কাৰ্বাইন, দেশীয় পিষ্টলৰ সৈতে মেগাজিন, এটা ইম্প্ৰুভাইজড পম্পেই মটৰ টিউব, তিনিটা ৯ মিমি গোলাবাৰুদ, চাৰিটা এইচই হেণ্ড গ্ৰেনেড, দুটা ৫১ মিমি এইচই মৰ্টাৰ শ্বেল, এটা ধোঁৱাৰ খোলা, ১৭ টা ইম্প্ৰুভাইজড পম্পেই মৰ্টাৰ শ্বেল, বেল্টৰ সৈতে ১২ টা বোৰৰ ন টা ৰাউণ্ড আৰু ২০০ গ্ৰাম গান পাউডাৰ উদ্ধাৰ কৰা হয়।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
