
বৰপেটা, ২৮ ডিচেম্বৰ (হি.স.)। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত ভণ্ড কবিৰাজৰ ভাও ধৰি চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল এটা চোৰ। চোৰটো পশ্চিম বংগৰ ২৪ পৰ্গনাৰ তাইজুদ্দিনৰ পুত্ৰ নাছিৰ হুছেইন বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ২১ বছৰীয়া চোৰটোৱে নিজকে কবিৰাজ বুলি পৰিচয় দি গাঁৱলীয়া মহিলাৰ ওচৰত গৈ জৰাফুকা দিয়াৰ উপৰিও বিভিন্ন ৰোগৰ চিকিৎসা কৰে বুলি কৈ মাধুলি বিক্ৰী কৰে। পিছে মহিলাৰ পৰা বিভিন্ন ছল-চাতুৰিৰে সোণৰ গহনা চুৰি কৰি নিয়ে। শনিবাৰে তেনে এখন সোণৰ গহণা চুৰি কৰি কলগাছিয়া বজাৰৰ জোনাকী জুয়েলাৰ্চত বিক্ৰী কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰে। পিছত কলগাছিয়া আৰক্ষীয়ে চোৰটোক থানালৈ লৈ যায়। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
