
যৌন উৎপীড়ন চলাই অৱশেষত ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল এজন ব্যক্তি ।
বিশ্বনাথ, ২৭ ডিচেম্বৰ (হি.স.): বিশ্বনাথ জিলাৰ কদমনিত নাবালিকাক যৌন উৎপীড়নৰ ঘটনা সংঘটিত হৈছে। জানিব পৰামতে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত কদমমী গাঁও খনত দীপক বৈদ্য (৪৫) নামৰ এজন পাষণ্ডই ওচৰৰে এঘৰত পৰহি বৃহস্পতিবাৰে কোনো নথকাৰ সুযোগ লৈ ১০ বছৰীয়া এজনী নাবালিকাক যৌন উৎপীড়ন চলাইছিল।
ইফালে এই ঘটনা সন্দৰ্ভত যোৱা কালি শুকুৰবাৰে পুৱা পৰিয়ালৰ লোক তথা স্থানীয়লোকে অৱগত হোৱাত পাষণ্ডজনক লপা-থপা দি বিশ্বনাথ আৰক্ষীক খবৰ কৰাত বিশ্বনাথ আৰক্ষীয়ে আটক কৰি লৈ আনে থানালৈ। ইতিমধ্যে পৰিয়ালৰ এজাহাৰ ভিত্তিত এক গোচৰ ৰুজু কৰি বিয়লি প্রথমে আদালতত হাজিৰ কৰোৱাই তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
