কামৰূপ, ২৬ ডিছেম্বৰ (হি স)। কামৰূপ জিলাৰ বকোত নিশা দুখন অলংকাৰৰ দোকানত চুৰিকাৰ্য সংঘটিত হৈছে। ৰিশীতা জুৱেলাৰ্চ আৰু ভূমিকা জুৱেলাৰ্চত চুৰি কাণ্ড সংঘটিত হয়। সঞ্জয় পাল আৰু পৱন সোনী নামৰ ব্যৱসায়ীদ্বয়ৰ দোকানত এই লুটপাত চলে।
চোৰে দোকান দুখনৰ পৰা সোণ-ৰূপ চুৰি কৰি নিয়ে। দুয়োখন দোকানৰ পৰা প্ৰায় ৩ লাখ টকা মূল্যৰ সোণ-ৰূপ চুৰি কৰি নিয়ে। আনহাতে ৰিশীতা জুৱেলাৰ্চৰ পৰা নগদ ধন ১০ হাজাৰ লুট কৰে। তলা আৰু গ্ৰীল ভাঙি চুৰিকাণ্ড সংঘটিত কৰে। ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
