
ডিব্ৰুগড়, ২৬ ডিছেম্বৰ (হি.স.): ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বাগান গেটৰ সমীপত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন লোক। নিহত লোকজন জয়পুৰ থানাৰ অন্তৰ্গত উত্তম মাটিৰ নিবাসী মদন দে বুলি জানিব পৰা গৈছে।
যোৱাকালি সোমবাৰে নিশা নিজৰ কৰ্মস্থলীৰ পৰা খোজেৰে ঘৰলৈ উভতি যোৱাৰ সময়ত সংঘটিত হয় এই ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখন। ইতিমধ্য ঘটনাস্থলীত নাহৰকটীয়া আৰক্ষী উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
