
দৰং, ৩০ ছেপ্টেম্বৰ (হি.স.)। মঙলদৈ জিলা কাৰাগাৰৰ কয়দীৰ পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছে। হেণ্ডকাপ সহ চিকিৎসালয়ৰ পৰা পলায়ন কৰিলে আব্দুল কাদিৰ নামৰ চল্লিশ বছৰীয়া কয়দী এজনে।
প্ৰচাবৰ সমস্যাৰ চিকিৎসাৰ বাবে যোৱা ২৮ ছেপ্টেম্বৰত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কয়দী আব্দুল কাদিৰক। আব্দুল কাদিৰৰ ঘৰ মঙলদৈ থানাৰ অন্তৰ্গত খৈৰাকাটাত বুলি জানিব পৰা গৈছে।
দুধৰ্ষ চোৰ আব্দুৰ কাদিৰক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পুৰুষ কক্ষৰ ৪ নং বিছনাৰ ৰখা হৈছিল। দুজন গৃহৰক্ষী জোৱানে পহৰা দি ৰাখিছিল। কিন্তু পহৰা দি থকা গৃহৰক্ষী জোৱানৰ টোপনিৰ সুযোগ লৈ পুৱতি নিশা পলায়ন কৰে আব্দুল কাদিৰে।
মঙলদৈ থানাৰ আৰক্ষীয়ে বৰ্তমানেও পলাতক কয়দী জনক বিচাৰি আছে যদিও কোনো শুংসূত্ৰ পোৱা নাই।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
