
ধুবুৰী, ২৪ জুলাই (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নৱ বিবাহিত এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই চাঞ্চল্য়। দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ নিজৰ স্বামীৰ ঘৰলৈ অহা আফছানা আহমেদ নামৰ ন বোৱাৰীগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰত যোৱাকালি বুধবাৰে বিয়লি উদ্ধাৰ কৰা হৈছে।
বহু সপোন লৈ স্বামীৰ ঘৰলৈ অহা শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱৰ কুৰবান আলীৰ পত্নী আফছানা আহমেদক স্বামীৰ ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। স্বামীৰ পৰিয়ালে আফছানাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ ছোৱালীৰ পৰিয়ালৰ লোকৰ। ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা কুৰমান আলী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে পলায়ন কৰে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে শালকোচা আৰক্ষীয়ে।
জানিব পৰা মতে দুমাহ পূৰ্বে প্ৰেমৰ সম্পৰ্কৰে বিবাহপাশত আৱদ্ধ হৈছিল আফছানা। ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ প্ৰশাসনৰ ওচৰত অনুৰোধ জনায় ছোৱালীৰ পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
