
কামৰূপ, ২৮ জুলাই (হি.স.)। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গণকপাৰাত দেওবাৰে মাজ নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ ভাতৃৰ দাৰ ঘাপত নিহত হয় জ্যেষ্ঠ ভাতৃ।
নতুনকৈ গঠন হোৱা বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ১ নং গণকপাৰাৰ গুপ্তমণি দাসে নিজ ভাতৃ পংকজ দাসক দাৰে ঘপিয়াই হত্যা কৰে।
জানিব পৰা মতে মৃত পংকজ দাসে প্ৰায়ে সুৰা সেৱন কৰি ঘৰত অত্যাচাৰ চলাই আহিছিল। অতিষ্ঠ হৈ গুপ্তমণি দাসে পংকজ দাসক নিশা দাৰে হত্যা কৰে।
পুৱতি নিশা ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ হত্যাকাৰী গুপ্তমণি দাসক আটক কৰি ছয়গাঁও থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। আনহাতে হত্যাৰ বলি হোৱা পংকজ দাসৰ মৃতদেহটো আৰক্ষীয়ে ছয়গাঁও থানালৈ লৈ আহে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
