বিশালগড় (ত্ৰিপুৰা), ৩০ অক্টোবৰ (হি.স.)। কামৰ সন্ধানত সীমান্ত পাৰ হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰা এজন বাংলাদেশী যুৱকক বি এছ এফে গ্ৰেপ্তাৰ কৰে। বৈধ পাছপ’ৰ্ট থকাৰ পাছতো তেওঁ দালালৰ সহায়ত কাঁইটীয়া তাঁৰৰ বেৰ ভাঙি প্ৰৱেশ কৰিছিল যদিও বি এছ এফৰ চকুৰ পৰা সাৰি যাব নোৱাৰিলে। ধৃত যুৱকজনৰ নাম ছোহেইল আহমেদ। পিতৃৰ নাম শ্বহীদুল্লাহ। তেওঁৰ ঘৰ বাংলাদেশৰ নোয়াখালি অঞ্চলত।
ধৃত যুৱকজনে জনোৱা মতে, দালালৰ হাতেৰে কামৰ উদ্দেশ্যে ইয়ালৈ আহিছিল। ডেকা কেইজনমানে তেওঁৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ কাঁইটীয়া তাঁৰৰ বেৰখনৰ সিপাৰে পঠিয়াই দিলে। কিন্তু বিএছএফৰ হাতত ধৰা পৰিল। বি এছ এফে গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা এটা বৈধ পাছপ’ৰ্ট, কিছু বাংলাদেশী টকীয়া মুদ্ৰা আৰু বাংলাদেশী চিম থকা এটা মোবাইল ফোন হেণ্ডছেট উদ্ধাৰ কৰে।
বাংলাদেশী সোহেইল আহমেদক আইনী পদ্ধতি সম্পূর্ণ কৰি মধুপুৰ আৰক্ষী থানাত চমজাই দিয়ে কায়াদেপা শিবিৰৰ বি এছ এফ কর্তৃপক্ষই৷ যুৱকজনৰ মতে, ধনৰ অভাৱত কামৰ উদ্দেশ্যে ভাৰতত প্ৰৱেশ কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি ধৃত যুৱকজনক আদালতত চমজাই দিয়া হ’ব।
হিন্দুস্থান সমাচাৰ / গোবিন্দ /মনোজ/অৰবিন্দ
