নতুন দিল্লী, ৩০ অক্টোবৰ (হি.স.)। কয়লা ইণ্ডিয়া লিমিটেড (চিআইএল)ৰ এটা ইউনিট চাউথ ইষ্টাৰ্ণ ক’লফিল্ডছ লিমিটেডে (এছইচিএল) চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত এতিয়ালৈকে কয়লা ভিত্তিক বিদ্যুৎ কেন্দ্ৰলৈ ৮ কোটি ১০ লাখ টন কয়লা যোগান ধৰিছে। যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাতে এছ ই চি এলে প্ৰায় ৮.৫ কোটি টন কয়লা যোগান ধৰিছিল। সোমবাৰে কয়লা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে এছ ই চি এলে এতিয়ালৈকে মুঠ ১০ কোটি টন বা ১০০ মিলিয়ন টন (এম টি) যোগানৰ ভিতৰত ৮০ শতাংশতকৈ অধিক বিদ্যুৎ খণ্ডলৈ গৈছে।
বিদ্যুতৰ চাহিদা তুংগত থকা উৎসৱৰ বতৰক মনত ৰাখি এয়া এক উল্লেখযোগ্য কৃতিত্ব। চলিত বিত্তীয় বৰ্ষত কোম্পানীটোৱে ১৭.৬৫ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি কোৰবা জিলাত অৱস্থিত বৃহৎ প্ৰকল্পসমূহৰ ভিতৰত এইবাৰ উন্নত প্ৰদৰ্শনত গেভৰা, দীপকা আৰু কুছমুণ্ডাই বিশেষ অৱদান আগবঢ়াইছে। দেশৰ সৰ্ববৃহৎ কয়লা খনি গেভৰাই ৩০.৩ মেট্ৰিক টন কয়লা বৰঙণি দিয়াৰ বিপৰীতে দীপকা আৰু কুছমুণ্ডাই ক্ৰমে ১৯.১ মেট্ৰিক টন আৰু ২৫.১ মেট্ৰিক টন কয়লা যোগান আগবঢ়াইছে। এইদৰে মুঠ যোগানত তিনিওটা প্ৰকল্পৰ অংশ ৭৪ শতাংশতকৈও অধিক।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ/অৰবিন্দ
