নগাঁও, ২৩ ডিছেম্বৰ (হি স)। নগাঁও জিলাৰ কামপুৰত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰা হৈছে। প্ৰায় ৩২ টাকৈ বিলাতী সুৰাৰ কাৰ্টুন জব্দ কৰিবলৈ সক্ষম হয় কামপুৰ আৰক্ষীয়ে ।
নগাঁৱৰ পৰা ৰজাগাঁওলৈ নি থকা অৱস্থাত কপিলী দলঙত জব্দ কৰে সুৰা খিনি । এই সন্দৰ্ভত এখন টেম্পু সহ চালকক আটক কৰা হৈছে ৷ দীৰ্ঘ দিন ধৰি চৰকাৰক ৰাজহ ফাকি দি অবৈধ ভাৱে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল একাংশ অসাধু ব্যৱসায়ীয়ে ৷ জব্দ কৰা সুৰা খিনিৰ মূল্য প্ৰায় ১,৩০,০০০ টকা । এই ক্ষেত্ৰত কামপুৰ আৱকাৰী বিভাগে নিৰব দৰ্শকৰ ভূমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উঠিছে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
