নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। ফাৰ্মাচিউটিকেল ইন্টাৰমিডিয়েট আৰু সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদান উৎপাদন কৰা কোম্পানী এনলন হেল্থকেয়াৰৰ শ্বেয়াৰে আজি শ্বেয়াৰ বজাৰত সমতল পৰ্যায়ত প্ৰৱেশ কৰি আই পি অ’ বিনিয়োগকাৰীসকলক হতাশ কৰে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৯১ টকা নিৰ্ধাৰিত আছিল। আজি বিএছইত কোনো পৰিৱৰ্তন নোহোৱাকৈ ৯১ টকাত ইয়াৰ তালিকাভুক্ত হোৱাৰ বিপৰীতে এনএছইত কোম্পানীটোৰ শ্বেয়াৰ ১ শতাংশ প্ৰিমিয়ামৰ সৈতে ৯২ টকাত তালিকাভুক্ত হয়। তালিকাভুক্ত হোৱাৰ পিছতো কোম্পানীটোৰ শ্বেয়াৰৰ ব্যৱসায় সীমিত পৰিসৰত হোৱা দেখা যায়। পুৱা ১১:৩০ বজালৈকে ব্যৱসায়ৰ পিছত এনলন হেল্থকেয়াৰৰ শ্বেয়াৰৰ মূল্য ৯১.৮০ টকা।
এনলন হেল্থকেয়াৰৰ ১২১ কোটি টকাৰ আই পি অ’ ২৬ আগষ্টৰ পৰা ২৯ আগষ্টৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল।এই আই পি অ’ই বিনিয়োগকাৰীৰ পৰা ভাল সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ৭ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। কোম্পানীটোৱে আই পি অ’ৰ বাবে প্ৰতি শ্বেয়াৰত ৮৬ টকাৰ পৰা ৯১ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰিছিল। এই আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে নিজৰ উৎপাদন সুবিধা সম্প্ৰসাৰণ, পুৰণি ঋণ পৰিশোধ, কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা পূৰণ আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
