
নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত বুধবাৰে নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠক চলি আছে। এই দুদিনীয়া বৈঠকত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ হাৰ, সংস্কাৰ আৰু ৫ শতাংশ আৰু ১৮ শতাংশ স্লেবৰ প্ৰস্তাৱ আলোচনাৰ অন্তত অনুমোদন জনোৱা হ’ব, যাৰ সিদ্ধান্ত ৪ ছেপ্টেম্বৰত ঘোষণা কৰিব ।
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জি এছ টিৰ হাৰ যুক্তিসংগতকৰণ, স্লেব ৫ শতাংশ আৰু ১৮ শতাংশলৈ পুনৰ্গঠন আৰু ক্ষতিপূৰণৰ চেছৰ বিষয়ে আলোচনা কৰা হৈছে। মন্ত্ৰালয়ৰ মতে, দুদিন ধৰি চলি থকা জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠকৰ সিদ্ধান্ত অহা ৪ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব।এই বৈঠকত জি এছ টি পৰিষদৰ সদস্যসকলে আঠ বছৰীয়া জি এছ টি কৰ গাঁথনিৰ বৃহৎ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিছে। কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে জি এছ টিৰ হাৰত সৰ্বাধিক কৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে।
বৰ্তমানৰ জি এছ টি কৰ গাঁথনি সহজ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে ৫% আৰু ১৮%ৰ দুটা স্লেব ৰূপায়ণৰ প্ৰস্তাৱ আগবঢ়াইছে। বৰ্তমান জি এছ টিৰ চাৰিটা স্লেব আছে – ৫%, ১২%, ১৮%, আৰু ২৮%। এই বৈঠকত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী, দিল্লী, গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয় আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী, অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী, মণিপুৰৰ ৰাজ্যপাল, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰী, ৰাজহ বিভাগৰ সচিব, অধ্যক্ষ আৰু সদস্যসকলৰ উপৰি চিবিআইচি আৰু বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
