• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > শ্বেয়াৰ বজাৰত অস্থিৰতা, চেন্সেক্স আৰু নিফটিৰ সামান্য বৃদ্ধি
Business

শ্বেয়াৰ বজাৰত অস্থিৰতা, চেন্সেক্স আৰু নিফটিৰ সামান্য বৃদ্ধি

CliQ INDIA
Last updated: September 11, 2025 6:06 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ১১ ছেপ্টেম্বৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত আজিৰ আৰম্ভণিৰ ব্যৱসায়ৰ সময়ত অবিৰত উঠা-নমা দেখা গৈছে। আজিৰ ব্যৱসায় দুৰ্বলতাৰে আৰম্ভ হৈছিল। বজাৰখন খোলাৰ লগে লগে ক্ৰয় সমৰ্থনৰ বাবে চেন্সেক্স আৰু নিফটি দুয়োটা সূচকাংকই পুনৰুদ্ধাৰ হৈ কম সময়ৰ ভিতৰতে সেউজ চিহ্নত নিজৰ স্থান দখল কৰিলে। কিন্তু কিছু সময়ৰ পাছত বিক্ৰীৰ চাপৰ বাবে দুয়োটা সূচকাংকৰ গতি হ্ৰাস পালে। পুৱা ১০ বজালৈকে ব্যৱসায় কৰাৰ পিছত চেন্সেক্স আৰু নিফটিৰ ব্যৱসায় ০.০৩ শতাংশৰ সামান্য সৱলতাৰে চলি আছিল।

পুৱা ১০ বজালৈ ব্যৱসায় কৰাৰ পিছত শ্বেয়াৰ বজাৰৰ বৃহৎ ষ্টকসমূহৰ ভিতৰত এন টি পি চি, অ’ এন জি চি, ষ্টেট বেংক অৱ ইণ্ডিয়া, জিঅ’ ফাইনেন্সিয়েল আৰু বাজাজ ফাইনেন্সৰ শ্বেয়াৰ ১.১৫ শতাংশৰ পৰা ০.৫৯ শতাংশলৈকে শক্তিৰে ব্যৱসায় হৈছিল। আনহাতে, ডাঃ ৰেড্ডীজ লেবৰেটৰীজ, এছ বি আই লাইফ ইনশ্বুৰেন্স, টেক মহিন্দ্ৰা, এপ’ল’ হাস্পতাল আৰু হিৰো মট’কৰ্পৰ শ্বেয়াৰ ১.৫৮ শতাংশৰ পৰা ০.৪৫ শতাংশলৈকে দুৰ্বলতাৰে ব্যৱসায় হোৱা দেখা গৈছে।

এতিয়ালৈকে শ্বেয়াৰ বজাৰত ১৮৩৬টা শ্বেয়াৰৰ সক্ৰিয় ব্যৱসায় চলি আছিল। ইয়াৰে ১২৯৮ টা শ্বেয়াৰ লাভ কৰি গ্ৰীণ জ’নত ব্যৱসায় কৰা হৈছিল, আনহাতে ৫৩৮ টা শ্বেয়াৰ লোকচান হৈ ৰেড জ’নত ব্যৱসায় হৈছিল। একেদৰে চেন্সেক্সত অন্তৰ্ভুক্ত ৩০টা শ্বেয়াৰৰ ভিতৰত ২১টা শ্বেয়াৰ ক্ৰয়ৰ সমৰ্থনত গ্ৰীণ জ’নত থাকিল। আনহাতে বিক্ৰীৰ চাপৰ বাবে ৰেড জ’নত ৯ টা শ্বেয়াৰৰ ব্যৱসায় হৈছিল। নিফটিত অন্তৰ্ভুক্ত ৫০টা শ্বেয়াৰৰ ভিতৰত ৩৩টা শ্বেয়াৰ গ্ৰীণ জ’নত আৰু ১৭টা শ্বেয়াৰৰ ৰেড জ’নত ব্যৱসায় হোৱা দেখা গৈছে।

এই ব্যৱসায়িক সপ্তাহত আজি প্ৰথমবাৰৰ বাবে হ্ৰাসৰ সৈতে মুকলি হয় বিএছই চেন্সেক্স। এই সূচকাংকটোৱে আজিৰ ব্যৱসায় আৰম্ভ কৰে ২০৭.৮৫ পইণ্টৰ দুৰ্বলতাৰে ৮১,২১৭.৩০ পইণ্টৰ স্তৰত। ব্যৱসায় আৰম্ভ হোৱাৰ লগে লগে ক্ৰয়ৰ বাবে এই সূচকাংক প্ৰথম ১৫ মিনিটত ৮১,৫৮৩.৮৮ পইণ্টলৈ জপিয়াই পৰে। ইয়াৰ পিছত লাভ বুকিঙৰ ৰাউণ্ডত বিক্ৰী আৰম্ভ হয়, যাৰ বাবে এই সূচকাংকৰ গতি হ্ৰাস পায়। বজাৰত অবিৰত ক্ৰয়-বিক্ৰয়ৰ মাজতে পুৱা ১০ বজালৈকে ব্যৱসায়ৰ পিছত চেন্সেক্সৰ ব্যৱসায় ২৮.১৬ পইণ্টৰ শক্তিৰে ৮১,৪৫৩.৩১ পইণ্টৰ স্তৰত আছিল।

চেন্সেক্সৰ দৰেই এন এছ ইৰ নিফটিয়েও আজিৰ পৰা ২৭.৬০ পইণ্ট হ্ৰাস পাই ২৪,৯৪৫.৫০ পইণ্টৰ স্তৰত ব্যৱসায় আৰম্ভ কৰে। বজাৰ খোলাৰ লগে লগে ক্ৰয়ৰ সমৰ্থনত এই সূচকাংকটো কম সময়ৰ ভিতৰতে ২৫,০০৮.৯৫ পইণ্টৰ স্তৰলৈ জপিয়াই পৰিল। কিন্তু প্ৰথম ১৫ মিনিটৰ ব্যৱসায়ৰ পিছত বজাৰত বিক্ৰী আৰম্ভ হয়, যাৰ ফলত এই সূচকাংকৰ গতি হ্ৰাস পায়। বজাৰত ধাৰাবাহিক ক্ৰয়-বিক্ৰয়ৰ মাজতে পুৱা ১০ বজালৈকে ব্যৱসায়ৰ পিছত নিফ্টীৰ ৭.৬৫ পইণ্ট বৃদ্ধিৰে ২৪,৯৮০.৭৫ পইণ্টত ব্যৱসায় হয়।

ইয়াৰ পূৰ্বে বুধবাৰে শেষৰটো ব্যৱসায়িক দিনত চেন্সেক্সৰ মূল্য ৩২৩.৮৩ পইণ্ট অৰ্থাৎ ০.৪০ শতাংশ বৃদ্ধিৰে ৮১,৪২৫.১৫ পইণ্টত বন্ধ হয়। একে সময়তে নিফটিয়ে বুধবাৰৰ ব্যৱসায়ৰ ১০৪.৫০ পইণ্ট অৰ্থাৎ ০.৪২ শতাংশ জঁপিয়াই ২৪,৯৭৩.১০ পইণ্টত অন্ত পেলায়।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

শীৰ্ষ ১০ ৰ ভিতৰত ৭ টা কোম্পানীৰ মাৰ্কেট কেপ ২.৩১ লাখ কোটি টকা বৃদ্ধি | BulletsIn
চেইলে ৩১ হাজাৰ টনতকৈ অধিক তীখাৰে শক্তিশালী কৰিলে জোজিলা সুৰংগ
শীৰ্ষ স্তৰৰ পৰা পিছলিল ৰূপৰ মূল্য, চেন্নাই আৰু হায়দৰাবাদত এসপ্তাহৰ ভিতৰতে ১৭ হাজাৰ টকা হ্ৰাস
ব্ৰিটেইনৰ এফ টি এৰ পৰা ভাৰত লাভৱান হ’ব, আন দেশৰ সৈতেও এনে চুক্তিৰ প্ৰয়োজন: সঞ্জয় মালহোত্ৰা
নাবাৰ্ডৰ সমীক্ষাত গ্ৰাম্য অৰ্থনৈতিক আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি হোৱা বুলি দাবী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গোলকগঞ্জত নিচাযুক্ত টেবলেট সহ আটক সৰবৰাহকাৰী
Next Article আমেৰিকাত ট্ৰাম্পৰ ঘনিষ্ঠ সহায়ক চাৰ্লি কাৰ্কক হত্যা, দেশত জোকাৰণি, হোৱাইট হাউছত পতাকা অৰ্ধ নমিত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?