নতুন দিল্লী, ০৭ ডিচেম্বৰ (হি.স.)। দেশৰ শীৰ্ষ দহটা মূল্যৱান কোম্পানীৰ ভিতৰত পাঁচটা কোম্পানীৰ মুঠ বজাৰ মূল্য যোৱা সপ্তাহত ৭২,২৮৪.৭৪ কোটি টকা বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) আৰু ইনফ’ছিছে আটাইতকৈ বেছি লাভ কৰিছে।
ষ্টক মাৰ্কেটৰ তথ্য অনুসৰি বজাৰৰ মূল্য বৃদ্ধি পোৱা পাঁচটা কোম্পানী হৈছে ভাৰতী এয়াৰটেল, টিচিএছ, আইচিআইচিআই বেংক, বাজাজ ফাইনেন্স, আৰু ইনফ’ছিছ। আনহাতে এই সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এইচডিএফচি বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, লাৰ্চেন এণ্ড টৌব্ৰ’ আৰু এলআইচিৰ বজাৰ মূল্য হ্ৰাস পাইছে।
তথ্য অনুসৰি এই সময়ছোৱাত টিচিএছৰ বজাৰ মূলধন ৩৫,৯০৯.৫২ কোটি টকা বৃদ্ধি পাই ১১,৭১,৮৬২.৩৭ কোটি টকা হৈছে। ইনফ’ছিছৰ মাৰ্কেট কেপ ২৩,৪০৪.৫৫ কোটি টকা বৃদ্ধি পাই ৬,৭১,৩৬৬.৫৩ কোটি টকা হয়। একেদৰে বাজাজ ফাইনেন্সৰ বজাৰ মূলধন ৬,৭২০.২৮ কোটি টকা বৃদ্ধি পাই ৬,৫২,৩৯৬.৩৯ কোটি টকা হয়, আৰু ভাৰতী এয়াৰটেলৰ মূল্য ৩,৭৯১.৯ কোটি টকা বৃদ্ধি পাই ১২,০১,৮৩২.৭৪ কোটি টকা হয়।
মন কৰিবলগীয়া যে এই সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূল্য ৩৫,১১৬.৭৬ কোটি টকা হ্ৰাস পাই ২০,৮৫,২১৮.৭১ কোটি টকা হৈছে। ইয়াৰ পিছতো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ দেশৰ আটাইতকৈ মূল্যৱান কোম্পানী হৈয়ে আছে। যোৱা সপ্তাহত বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স মাত্ৰ ৫.৭ পইণ্ট বৃদ্ধি হোৱাৰ বিপৰীতে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি ১৬.৫ পইণ্ট হ্ৰাস পাইছে।
–
हिन्दुस्थान समाचार / অৰৱিন্দ
