নতুন দিল্লী, ১৬ ডিছেম্বৰ (হি.স.)। সোণত বিনিয়োগ কৰাৰ এক সুন্দৰ সুযোগ। ভাৰতীয় ৰিজাৰ্ভ বেংকে ছ’ভাৰেইন গোল্ড বণ্ডৰ পৰৱৰ্তী ট্ৰেঞ্চৰ ইছ্যু মূল্য প্ৰতি গ্ৰাম ৬,১৯৯ টকা নিৰ্ধাৰণ কৰিছে। ১৮ ডিছেম্বৰ সোমবাৰৰ পৰা ৫ দিনৰ বাবে মুকলি হ’ব এই সুযোগ।
ৰিজাৰ্ভ বেংকে জাৰি কৰা এক বিবৃতিত ছ’ভাৰেইন গোল্ড বণ্ডৰ পৰৱৰ্তী কিস্তিৰ ইছ্যু মূল্য প্ৰতি গ্ৰাম ৬,১৯৯ টকা নিৰ্ধাৰণ কৰা হৈছে। ২০২৩-২৪ চনৰ এছজিবি আঁচনিৰ ছিৰিজ-৩ ২০২৩ চনৰ ১৮-২২ ডিচেম্বৰৰ ভিতৰত বিনিয়োগৰ বাবে মুকলি কৰা হ’ব। এই আঁচনিখনত বিনিয়োগকাৰীক ডেৰবছৰীয়া ভিত্তিত বিনিয়োগৰ মূল্যৰ ওপৰত বছৰি ২.৫ শতাংশ সুত দিয়া হ’ব।
আৰ বি আইৰ তথ্য অনুসৰি ৯৯৯ পিউৰিটিৰ ছ’ভাৰেইন গোল্ড বণ্ডৰ মূল্য প্ৰতি গ্ৰাম ৬,১৯৯ টকা। অনলাইনযোগে আবেদন কৰি ডিজিটেল মাধ্যমেৰে ধন পৰিশোধ কৰা বিনিয়োগকাৰীয়ে ফেচ প্ৰাইচৰ পৰা প্ৰতি গ্ৰামত ৫০ টকা ৰেহাই লাভ কৰিব বুলি ঘোষণা কৰিছে চৰকাৰে। এছজিবিৰ কাৰ্যকাল আঠ বছৰৰ বাবে হ’ব, ৫ম বছৰৰ পিছত অকালতে নগদ ধন পৰিশোধ কৰা হ’ব।
আপুনি অনুসূচিত বাণিজ্যিক বেংক (ক্ষুদ্ৰ বিত্ত বেংক, পেমেণ্ট বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ বাহিৰে), ষ্টক হোল্ডিং কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড (এছ এইচ চি আই এল), নিৰ্দিষ্ট ডাকঘৰ আৰু ষ্টক এক্সচেঞ্জ – নেচনেল ষ্টক এক্সচেঞ্জ ইণ্ডিয়া লিমিটেড (এন এছ ই) আৰু বম্বে ষ্টক এক্সচেঞ্জ লিমিটেড (বিএছই)ৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব।
উল্লেখযোগ্য যে ছ’ভাৰেইন গোল্ড বণ্ডত বিনিয়োগৰ সৰ্বোচ্চ সীমা ব্যক্তিৰ বাবে ৪ কেজি, এইচ ইউ এফ (হিন্দু অবিভক্ত পৰিয়াল)ৰ বাবে ৪ কেজি আৰু ট্ৰাষ্ট আৰু অনুৰূপ প্ৰতিষ্ঠানৰ বাবে ২০ কিলোগ্ৰাম। ইয়াৰ পিছত ১২-১৬ ফেব্ৰুৱাৰীৰ পৰা জাৰি কৰিব এছজিবিৰ চতুৰ্থ শৃংখলা।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ
