নতুন দিল্লী, ২৪ ডিচেম্বৰ (হি.স.)। সপ্তাহটোৰ তৃতীয়টো ব্যৱসায়িক দিন বুধবাৰে সেউজ চিনত মুকলি হয় শ্বেয়াৰ বজাৰ। বম্বে ষ্টক এক্সচেঞ্জ (বিএছই)ৰ চেন্সেক্সে ১৪৪.১৬ পইণ্ট বা ০.১৭ শতাংশ জপিয়াই আৰম্ভণিৰ ব্যৱসায়ত ৮৫,৬৬৯ পইণ্টত ব্যৱসায় কৰে। একে সময়তে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিও ৩৬.৩০ পইণ্ট বা ০.১৪ শতাংশ বৃদ্ধিৰে ২৬,২১৩.৪৫ স্তৰত ব্যৱসায় কৰি আছে।
৩০টা চেন্সেক্সৰ ষ্টকৰ ভিতৰত ২১টা ষ্টক বৃদ্ধি পাইছে। নিফটিৰ ৫০টা ষ্টকৰ ভিতৰত ৩৪টা ষ্টক বৃদ্ধি পাইছে। এন এছ ইৰ মিডিয়া, মেটাল আৰু ৰিয়েলিটি সূচকাংক বৃদ্ধি পাইছে, আনহাতে আই টিৰ শ্বেয়াৰ হ্ৰাস পাইছে। একে সময়তে ভাৰতীয় মুদ্ৰাৰ টকাও ১২ পইচা বৃদ্ধি পাই আমেৰিকান ডলাৰৰ বিপৰীতে আৰম্ভণিৰ ব্যৱসায়ত ৮৯.৫১ হয়।
এছিয়াৰ বজাৰতো কোৰিয়াৰ কস্পি ০.১৩ শতাংশ বৃদ্ধিৰে ৪১২২ আৰু জাপানৰ নিকেই সূচকাংক ০.০৯৩ শতাংশ বৃদ্ধিৰে ৫০,৪৬০ত ব্যৱসায় কৰা হৈছে। একেদৰে হংকঙৰ হেং চেং সূচকাংক ০.০৯৭ শতাংশ বৃদ্ধি পাই ২৫,৭৯৯ আৰু চীনৰ চাংহাই কম্পোজিট সূচকাংক ০.২৪ শতাংশ বৃদ্ধি পাই ৩,৯২৯ত ব্যৱসায় হয়।
উল্লেখযোগ্য যে এদিন পূৰ্বে বি এছ ইৰ চেন্সেক্স ৪২.৬৩ পইণ্ট বা ০.০৫০ শতাংশ হ্ৰাস পাই ৮৫,৫২৪.৮৪ত বন্ধ হৈছিল। একে সময়তে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি ৪.৭৫ পইণ্ট বা ০.০১৮ শতাংশ বৃদ্ধিৰে ২৬,১৭৭.১৫ত বন্ধ হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
