নতুন দিল্লী, ২৮ আগষ্ট (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে ৰপ্তানিকাৰকৰ এটা প্ৰতিনিধি দলক আশ্বাস দিয়ে যে চৰকাৰে এই প্ৰত্যাহ্বানমূলক সময়ত তেওঁলোকৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকৰ উদ্বেগক মোকাবিলা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ লগতে আমেৰিকাৰ উচ্চ শুল্কৰ মাজত তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে।
ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনে চমুকৈ এফআইইঅ’(ফিয়ো) এক বিবৃতিত কয় যে এই আশ্বাস এফআইইঅ’ৰ সভাপতি এছ চি ৰালহানৰ নেতৃত্বত এটা প্ৰতিনিধি দলক দিয়া হৈছে। এছ চি ৰালহানৰ নেতৃত্বত এফ আই ই অ’ৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত বিত্তমন্ত্ৰী সীতাৰমনক সাক্ষাৎ কৰি শেহতীয়াকৈ আমেৰিকাৰ শুল্ক বৃদ্ধিৰ বাবে ভাৰতীয় ৰপ্তানিকাৰকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰে।
এফআইইঅ’ৰ সভাপতি এছ বিত্তমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ সময়ত চি ৰালহানে বজাৰৰ প্ৰৱেশ, প্ৰতিযোগিতা আৰু নিয়োগৰ ওপৰত বিৰূপ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ৰপ্তানিকাৰক সম্প্ৰদায়ক সহায় কৰিবলৈ তাৎক্ষণিক নীতিগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
এই ৰপ্তানিকাৰকসকলৰ সৈতে চৰকাৰে দৃঢ়তাৰে থিয় দিয়াৰ আশ্বাস দি বিত্তমন্ত্ৰীগৰাকীয়ে ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত আৰু শ্ৰমিকৰ জীৱিকা সুৰক্ষিত কৰাৰ বাবে ব্যাপক সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে। ৰালহানে কয় যে মন্ত্ৰীগৰাকীৰ এই আশ্বাস ৰপ্তানিকাৰকসকলৰ বাবে এক বৃহৎ আস্থাৰ উৎস। তেওঁ দৃঢ়তাৰে কয় যে এফআইইঅ’ই চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি বজাৰসমূহৰ বৈচিত্ৰ্যতা আৰু ভাৰতৰ বিশ্ব বাণিজ্যিক স্থিতি শক্তিশালী কৰিব।
সীতাৰমনৰ সৈতে হোৱা বৈঠকত এফআইইঅ’ৰ সভাপতি এছ চি ৰালহান, উপ সভাপতি ৰবি কান্ত কাপুৰ, এফ আই ই অ’ৰ সঞ্চালক প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) ড০ অজয় সহায়, ফৰিদা গোটৰ সঞ্চালক ইছৰাৰ আহমেদ আৰু ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি প্ৰসাৰ পৰিষদৰ অধ্যক্ষ পংকজ চদ্ধা উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
