নতুন দিল্লী, ০১ মাৰ্চ: পেটিএমে পেটিএম পেমেণ্টছ বেংক (পিপিবিএল)ৰ সৈতে হোৱা আন্তঃকোম্পানী চুক্তি বাতিল কৰিছে । অনলাইন পেমেণ্ট প্লেটফৰ্ম পেটিএম পৰিচালনা কৰা কোম্পানী ৱান৯৭ কমিউনিকেচনৰ পৰিচালনা সমিতিয়ে সহযোগী সত্তা পেটিএম পেমেণ্টছ বেংকৰ ওপৰত আৰবিআইয়ে লোৱা ব্যৱস্থাৰ মাজতে এই চুক্তি বন্ধ কৰাৰ অনুমোদন জনাইছে। পেটিএমৰ সেৱা নিৰৱচ্ছিন্নভাৱে চলি থাকিব বুলি জনাইছে।
শুকুৰবাৰে ৱান৯৭ কমিউনিকেশ্যনে নিয়ন্ত্ৰণমূলক ফাইলিঙত এই সিদ্ধান্ত ঘোষণা কৰে। শ্বেয়াৰ বজাৰক দিয়া তথ্য অনুসৰি দুয়োটা কোম্পানীৰ মাজত ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কোম্পানীটোৱে জনোৱা মতে, ২০২৪ চনৰ ১ মাৰ্চত এই চুক্তিসমূহ আৰু শ্বেয়াৰহোল্ডাৰ চুক্তিসমূহৰ সংশোধনীসমূহ বন্ধ কৰাৰ বাবে অনুমোদন জনাইছে।
ষ্টক এক্সচেঞ্জৰ ফাইলিঙত ৱান৯৭ কমিউনিকেশ্যনে কয় যে কোম্পানীটো আৰু ইয়াৰ সহযোগী কোম্পানী পিপিবিএলে পেটিএম পেমেণ্টছ বেংকৰ স্বতন্ত্ৰ কাৰ্য্যকলাপৰ দিশত নিজৰ দৃষ্টিভংগী শক্তিশালী কৰাৰ বাবে অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৪ চনৰ ১৫ মাৰ্চৰ পিছত গ্ৰাহকৰ একাউণ্ট, ৱালেট, ফাষ্টাগ আৰু অন্যান্য যন্ত্ৰত নতুন জমা বা টপ আপ গ্ৰহণ কৰাত পিপিবিএলক বাধা প্ৰদান কৰিছে।
