• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > ছপা আৰু পেকেজিং উদ্যোগক ৫ শতাংশ জিএছটি স্লেবত আনিবলৈ চৰকাৰলৈ আৰ্জি
Business

ছপা আৰু পেকেজিং উদ্যোগক ৫ শতাংশ জিএছটি স্লেবত আনিবলৈ চৰকাৰলৈ আৰ্জি

CliQ INDIA
Last updated: August 25, 2025 12:45 pm
CliQ INDIA
Share
4 Min Read
SHARE
हिन्दुस्थान समाचार न्यूज एजेंसी के चेयरमैन अरविंद मार्डीकर
जीएसटी कानून विशेषज्ञ एन.के. थमन
प्रिंट उद्यमी व चार्टर्ड अकाउंटेंट उदय धोटे

নতুন দিল্লী, ২৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশৰ ২.৫ লাখৰো অধিক প্ৰিন্টিং আৰু পেকেজিং উদ্যোগক প্ৰতিনিধিত্ব কৰা অল ইণ্ডিয়া ফেডাৰেচন অৱ প্ৰিণ্টাৰছ এণ্ড পেকেজাৰ্ছ (এআইএফপিপি)ৰ উদ্যোগত শনিবাৰে এক গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল বৈঠকৰ আয়োজন কৰা হয়। বৈঠকৰ কেন্দ্ৰবিন্দু আছিল চৰকাৰে প্ৰস্তাৱ কৰা সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ হাৰৰ সংস্কাৰ, যাৰ লক্ষ্য আছিল বৰ্তমানৰ বহুস্তৰীয় গাঁথনি সৰল কৰি দুটা স্লেব ব্যৱস্থা (৫% আৰু ১৮%) ৰূপায়ণ কৰা।

এই বৈঠকত ৯৬ জনতকৈ অধিক উদ্যোগ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সকলোৱে সৰ্বসন্মতিক্ৰমে চৰকাৰক ৫ শতাংশ জি এছ টি স্লেবত ছপা আৰু পেকেজিং উদ্যোগক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়, যাতে এই খণ্ডৰ প্ৰতিযোগিতামূলক ক্ষমতা, কৰ্মসংস্থাপন সৃষ্টি আৰু ৰপ্তানিৰ সম্ভাৱনা শক্তিশালী কৰিব পৰা যায়।

জি এছ টি আইন বিশেষজ্ঞ এন.কে. থমনে বৈঠকত কয় যে, প্ৰিণ্টিং আৰু পেকেজিং ভাৰতৰ অৰ্থনৈতিক গাঁথনিৰ এক অবিচ্ছেদ্য অংগ। যদি এই খণ্ডটো ১৮% স্লেবত ৰখা হয়, তেন্তে ই উদ্ভাৱনত বাধাৰ সৃষ্টি কৰিব পাৰে, খৰচ বৃদ্ধি কৰিব পাৰে আৰু বিশ্বৰ প্ৰতিযোগিতামূলক ক্ষমতা হ্ৰাস পাব পাৰে। ছপা উদ্যোগী তথা চাৰ্টাৰ্ড একাউণ্টেণ্ট উদয় ধোটে কয় যে, “উচ্চ কৰ হাৰে ক্ষুদ্ৰ ব্যৱসায়ৰ ওপৰত বোজা বৃদ্ধি কৰিব, যাৰ ফলত অত্যাৱশ্যকীয় পেকেজিং সামগ্ৰীৰ খৰচ বৃদ্ধি পাব আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ গ্ৰাহকৰ ওপৰত পৰিব।”

অৰ্থনৈতিক অৱদান আৰু উদ্যোগটোৰ সম্ভাৱনা

ভাৰতৰ ছপা আৰু পেকেজিং উদ্যোগে ২০২৫ চনৰ ভিতৰত ১৫০ বিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰাৰ পথত আগবাঢ়িছে। কেৱল পেকেজিং খণ্ডৰ ২০২৫ চনত ১০১ বিলিয়ন মাৰ্কিন ডলাৰৰ সীমা অতিক্ৰম কৰি ২০৩০ চনৰ ভিতৰত ১০.৭৩% বাৰ্ষিক বৃদ্ধিৰ হাৰত ১৭০ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হোৱাৰ সম্ভাৱনা আছে। এই খণ্ডটোৱে দেশৰ ২৫ লাখতকৈ অধিক লোকক প্ৰত্যক্ষভাৱে নিয়োজিত কৰে আৰু লগতে কাগজ, চিয়াঁহী আৰু লজিষ্টিকছৰ দৰে সহযোগী খণ্ডকো পৰোক্ষভাৱে সমৰ্থন কৰে।

বৰ্তমানৰ জিএছটিৰ গাঁথনি আৰু প্ৰস্তাৱিত প্ৰভাৱ বৰ্তমান:

কাৰ্ডবৰ্ড, বাকচ আৰু কাগজৰ দৰে সামগ্ৰীয়ে ১২% জি এছ টি (শেহতীয়াকৈ ১৮%ৰ পৰা হ্ৰাস) আকৰ্ষণ কৰে।

ষ্টেচনাৰীৰ দৰে সামগ্ৰী (খাম, ডায়েৰী, ৰেজিষ্টাৰ আদি) ১৮% ফলকত পৰে।

কিতাপৰ দৰে অত্যাৱশ্যকীয় ছপা সামগ্ৰী ০% বা ৫% ৰেহাইমূলক হাৰত কৰযোগ্য।

প্ৰস্তাৱিত গাঁথনিত ১২% স্লেবত থকা বেছিভাগ সামগ্ৰীয়েই ৫% ত অন্তৰ্ভুক্ত হ’ব পাৰে, কিন্তু চিন্তাৰ বিষয়টো হ’ল বহু সেৱা ১৮% স্লেবলৈ স্থানান্তৰিত হ’ব, যাৰ ফলত উৎপাদন ব্যয় ৬% পৰ্যন্ত বৃদ্ধি হ’ব পাৰে।

আগন্তুক কৌশল

এই সন্দৰ্ভত এআইএফপিপিয়ে জিএছটি পৰিষদ আৰু বিত্ত মন্ত্ৰালয়লৈ বিতং স্মাৰক পত্ৰ দাখিল কৰিব। ফেডাৰেচনৰ মতে চৰকাৰৰ সহায়ক নীতিৰ দ্বাৰা এই খণ্ডই কেৱল স্থানীয় নিয়োগ বৃদ্ধি কৰাই নহয়, ৰপ্তানিতো যথেষ্ট অৰিহণা যোগাব।

হিন্দুস্থান সমাচাৰ সংবাদ সংস্থাৰ অধ্যক্ষ অৰবিন্দ মাৰ্ডিকাৰেও এই আবেদনক সমৰ্থন কৰে। তেওঁ কয় যে সমগ্ৰ উদ্যোগটোক ৫% স্লেবত অনাটোৱে কেৱল উৎপাদন ব্যয় হ্ৰাস কৰাই নহয়, শেষ ব্যৱহাৰকাৰী আৰু ৰপ্তানিকাৰক উভয়কে উপকৃত কৰিব।’ লগতে এই বিষয়টো জি এছ টি পৰিষদৰ আগত লৈ যোৱাৰ আশ্বাস দিয়ে।

এআইএফপিপিৰ পৰিচয়

অল ইণ্ডিয়া প্ৰিণ্টাৰছ এণ্ড পেকেজাৰ্ছ ফেডাৰেচন (এআইএফপিপি)-এ দেশজুৰি বিয়পি থকা ছপা আৰু পেকেজিং ব্যৱসায়ক প্ৰতিনিধিত্ব কৰে। সংস্থাটোৱে উদ্যোগটোৰ নীতিগত বাধাসমূহ আঁতৰাবলৈ, উদ্ভাৱনক প্ৰসাৰিত কৰিবলৈ আৰু অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে বহনক্ষম বৃদ্ধি নিশ্চিত কৰিবলৈ কাম কৰে। এই ভাৰ্চুৱেল বৈঠকৰ আঁত ধৰে ছপা উদ্যোগৰ বিশিষ্ট ব্যক্তিত্ব অধ্যাপক কমল চোপ্ৰাই আৰু তেওঁ এই খণ্ডৰ সৈতে জড়িত মৌলিক বাস্তৱতা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ডলাৰৰ বিপৰীতে ৪৬ পইচা হ্ৰাস ভাৰতীয় মুদ্ৰাৰ মূল্য
শ্বেয়াৰ বজাৰত এল টি লিফ্টৰ জোৰদাৰ তালিকাভূক্তি, লাভত আই পি অ’ বিনিয়োগকাৰী
বিশ্বৰ মূলধনী বজাৰত মিশ্ৰিত সংকেত, এছিয়াত উৰ্ধগামী ধাৰা
সোণৰ মূল্য হ্ৰাস, ৰূপৰ মূল্য অপৰিৱৰ্তিত
২০২৯-৩০ বৰ্ষৰ ভিতৰত দেশত ১.৫ বিলিয়ন টন কয়লা উৎপাদনৰ সম্ভাৱনাঃ প্ৰহ্লাদ যোশী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গহপুৰ আৰক্ষীৰ অভিযানত দহ কেজি গাঞ্জাসহ এজন আটক
Next Article জাৰ্মানীয়ে নতুন বাণিজ্যিক অংশীদাৰ বিচাৰিব লাগিব: চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?