নতুন দিল্লী, ২৭ আগষ্ট (হি.স.)। ভাৰতীয় প্ৰতিযোগিতা আয়োগে (চিচিআই) আদানী গ্ৰুপৰ সত্তাসমূহে জয়প্ৰকাশ এছ’চিয়েটছ লিমিটেডৰ অধিগ্ৰহণৰ পৰিকল্পনাত অনুমোদন জনাইছে। আয়োগৰ বিশদ আদেশ পিছত আহিব।
ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ তথ্য অনুসৰি এই আঁচনিৰ অধীনত জয়প্ৰকাশ এছ’চিয়েটছ লিমিটেডৰ ১০০% আদানী এণ্টাৰপ্ৰাইজ লিমিটেড আৰু আদানী ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেড বা গোটৰ অন্যান্য কোম্পানীয়ে অধিগ্ৰহণ কৰিব। জয়প্ৰকাশ এছ’চিয়েটছ লিমিটেডে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ, এলাহাবাদ বিচাৰপীঠৰ নিৰ্দেশ অনুসৰি বৰ্তমান ইনছলভেন্সি এণ্ড দেউলীয়া সংহিতা, ২০১৬ৰ অধীনত কৰ্পৰেট ইনছলভেন্সি সমাধান প্ৰক্ৰিয়া চলি আছে।
আদানী এণ্টাৰপ্ৰাইজ লিমিটেড হৈছে আদানী গ্ৰুপৰ কোম্পানী পৰ্টফলিঅ’ৰ ফ্লেগশ্বিপ কোম্পানী। আদানী ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেড হৈছে আদানী প্ৰপাৰ্টিজ প্ৰাইভেট লিমিটেডৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান। আদানী গ্ৰুপৰ সকলো ৰিয়েলটি ব্যৱসায়ৰ হোল্ডিং কোম্পানী। আদানী গ্ৰুপৰ ব্যৱসায় শক্তি, সম্পদ, লজিষ্টিক, সামগ্ৰী আৰু কৃষিৰ দৰে খণ্ডত বিয়পি আছে। জয়প্ৰকাশ এছ’চিয়েটছ লিমিটেড হৈছে এক বৈচিত্ৰ্যপূৰ্ণ আন্তঃগাঁথনি গোট। ইয়াৰ ব্যৱসায় অভিযান্ত্ৰিক আৰু নিৰ্মাণ, চিমেণ্ট, শক্তি, ৰিয়েল এষ্টেট, সাৰ, আতিথ্য, ক্ৰীড়া আদি ক্ষেত্ৰত সিঁচৰিত হৈ আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
