নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ (হি.স.)। আদানী পাৱাৰ লিমিটেডে বিহাৰত তিনি বিলিয়ন ডলাৰ (প্ৰায় ২৬,৪৮২ কোটি টকা) বিনিয়োগেৰে ২৪০০ মেগাৱাট (আল্ট্ৰা ছুপাৰ-ক্ৰিটিকেল) অত্যাধুনিক শক্তি কেন্দ্ৰ স্থাপন কৰিব।
আদানী গ্ৰুপ কোম্পানীটোৱে শনিবাৰে এক বিবৃতিত কয় যে বিহাৰ ষ্টেট পাৱাৰ জেনেৰেচন কোম্পানী লিমিটেড বি এছ পি জি চি এলৰ সৈতে ২৫ বছৰীয়া বিদ্যুৎ যোগান চুক্তি (পি এছ এ) স্বাক্ষৰ কৰিছে। ইয়াৰ অধীনত ৰাজ্যৰ ভাগলপুৰ জিলাৰ পিৰপাইন্টিত স্থাপন হ’বলগীয়া প্ৰকল্পটোৰ পৰা বিদ্যুৎ যোগান ধৰা হ’ব।
কোম্পানীটোৱে কয় যে নতুন উদ্যোগটো (৮০০ মেগাৱাটx৩) নিৰ্মাণ আৰু ইয়াৰ সহায়ক আন্তঃগাঁথনিৰ বাবে ডিজাইন, নিৰ্মাণ, বিত্তীয় সাহায্য, মালিকীস্বত্ব আৰু পৰিচালনাৰ মডেলৰ অধীনত প্ৰায় ৩ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৱে ৬০ মাহৰ ভিতৰত এই উদ্যোগসমূহ আৰম্ভ কৰাৰ লক্ষ্য লৈছে।
আদানী পাৱাৰ লিমিটেডে প্ৰতি কিলোৱাট ঘণ্টাত নূন্যতম ৬.০৭৫ টকা যোগানৰ হাৰ দি এই প্ৰকল্পটো অধিগ্ৰহণ কৰিছে। এই চুক্তিখন উত্তৰ বিহাৰ শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু দক্ষিণ বিহাৰ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ হৈ আগষ্ট মাহত বিএছপিজিচিএলে আদানী পাৱাৰলৈ প্ৰদান কৰা বঁটা পত্ৰৰ অতিৰিক্ত।
উল্লেখযোগ্য যে আদানী পাৱাৰ লিমিটেড হৈছে আদানী গ্ৰুপৰ এটা কোম্পানী, যিয়ে বিদ্যুৎ শক্তি উৎপাদনৰ সৈতে জড়িত প্ৰকল্প স্থাপন কৰে। ইয়াৰ মুখ্য কাৰ্যালয় গুজৰাটৰ আহমেদাবাদত আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
