নতুন দিল্লী, ০৫ ফেব্ৰুৱাৰী : অনলাইন পেমেণ্ট সেৱা প্ৰদান কৰা পেটিএমৰ সমস্যা বাঢ়িছে। একেৰাহে তৃতীয় দিনৰ বাবে হ্ৰাস পাইছে পেটিএমৰ শ্বেয়াৰ। আৰম্ভণিৰ ব্যৱসায়ত কোম্পানীটোৰ শ্বেয়াৰ ১০ শতাংশ হ্ৰাস পাইছে। এইদৰে বিগত তিনিটা ব্যৱসায়িক অধিবেশনত কোম্পানীটোৰ শ্বেয়াৰ ৪২ শতাংশতকৈ অধিক হ্ৰাস পোৱাৰ ফলত ইয়াৰ বজাৰ মূল্য (মাৰ্কেট কেপ)ত ২০,৪৭১.২৫ কোটি টকাৰ লোকচান হৈছে।
সোমবাৰে বম্বে ষ্টক এক্সচেঞ্জত কোম্পানীটোৰ শ্বেয়াৰ ১০ শতাংশ হ্ৰাস পাই ৪৩৮.৩৫ টকা হয়। একে সময়তে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত ৯.৯৯ শতাংশ হ্ৰাস পাই ৪৩৮.৫০ টকা হয়। যোৱা তিনিটা ব্যৱসায়িক অধিবেশনত ৪২ শতাংশতকৈ অধিক হ্ৰাস পোৱাৰ বাবে পেটিএমৰ মাৰ্কেট কেপ ২০,৪৭১.২৫ কোটি টকা হ্ৰাস পাইছে।
কোম্পানীটোৰ শ্বেয়াৰৰ এই পতনৰ কাৰণ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্ট বেংক লিমিটেড (পিপিবিএল)ক ২৯ ফেব্ৰুৱাৰীৰ পিছত যিকোনো গ্ৰাহকৰ একাউণ্ট, ৱালেট, ফাষ্টগ আৰু অন্যান্য ডিভাইচত জমা বা টপ-আপ গ্ৰহণ কৰা বন্ধ কৰিবলৈ কোৱা নিৰ্দেশনা দিয়া। আৰ বি আইৰ এই আদেশে কোম্পানীটোৰ বাৰ্ষিক পৰিচালনা লাভৰ ওপৰত প্ৰায় ৩০০-৫০০ কোটি টকাৰ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে।
মন কৰিবলগীয়া যে পেটিএম পেমেণ্টছ বেংক লিমিটেডৰ ৪৯ শতাংশ অংশীদাৰিত্ব ৱান৯৭ কমিউনিকেচন লিমিটেডৰ হাতত আছে যদিও ইয়াক সহযোগী কোম্পানী হিচাপে নহয়, সহযোগী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
