নতুন দিল্লী, ১২ জানুৱাৰী (হি.স.)। যোৱা বছৰৰ ডিছেম্বৰ মাহত ঘৰুৱা যাত্ৰীবাহী বাহনৰ পাইকাৰী বিক্ৰী বছৰৰ পিছত বছৰ ধৰি চাৰি শতাংশ বৃদ্ধি পাই ২,৮৬,৩৯০ খন হৈছে। ২০২২ চনৰ ডিছেম্বৰ মাহত অটো নিৰ্মাতাসকলে মুঠ ২,৭৫,৩৫২খন যাত্ৰীবাহী বাহন যোগান ধৰিছিল।
শুকুৰবাৰে বাহন নিৰ্মাতা সংস্থা ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছ চমুকৈ ছিয়ামে প্ৰকাশ কৰা এক বিবৃতিত কয় যে ডিছেম্বৰ মাহত ঘৰুৱা যাত্ৰীবাহী বাহনৰ পাইকাৰী বিক্ৰী চাৰি শতাংশ বৃদ্ধি পাইছে। যোৱা বছৰ ২০২২ চনৰ ডিছেম্বৰ মাহত অটো নিৰ্মাতা কোম্পানীসমূহে ২,৭৫,৩৫২খন যাত্ৰীবাহী বাহন যোগান ধৰিছিল যদিও ২০২৩ চনৰ ডিছেম্বৰ মাহত ২,৮৬,৩৯০খন বাহন যোগান ধৰা হৈছে। তথ্য অনুসৰি এই সময়ছোৱাত দুচকীয়া বাহনৰ পাইকাৰী বিক্ৰী ১৬ শতাংশ বৃদ্ধি পাই ১২,১১,৯৬৬ খন হৈছে, যিটো ২০২২ চনৰ ডিছেম্বৰ মাহত ১০,৪৫,০৫২ খন আছিল।
অটোম’বাইল নিৰ্মাতা সংস্থা ছিয়ামৰ তথ্য অনুসৰি ২০২৩ চনৰ ডিছেম্বৰ মাহত তিনিচকীয়া বাহনৰ পাইকাৰী বিক্ৰী ৫০,৫৩৭ খন হোৱাৰ বিপৰীতে ২০২২ চনৰ ডিছেম্বৰ মাহত ৩৮,৬৯৩ খন আছিল।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ
