নগাঁও, ১২ জানুৱাৰী(হি.স.)। পুতলা নাচ হৈছে পুতলা বা পাপেট -সমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা এক কলা। পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়। পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে। এই পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পদ বুলিও অভিহিত কৰা হয়। ক্ৰমে হেৰাই যাব খোজা পুতলা নাচ পৰম্পৰাক উত্তৰ-পূবত পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে ভাৰত আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱ ২০২৪ কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয়। তদুপলক্ষে বটদ্ৰৱাৰ ভালুকমাৰি এল পি স্কুল প্ৰাংগনত পঞ্চৰত্ন পুতলা থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত হয় পুতলা নাচৰ কৰ্মশালা।
কৰ্মশালাত অঞ্চলৰ কন কন শিশু, ছাত্ৰ ছাত্ৰী, ডেকা বুঢ়া সকলোৱে অংশ গ্ৰহণ কৰি পুতলা নাচৰ কাৰুকাৰ্য্য উপভোগ কৰে। কালি অনুষ্ঠানত অংশ গ্ৰহণ কৰি ইন্টাৰনেশ্যনেল আৰ্ট এণ্ড কালচাৰ ফাউণ্ডেশ্যনৰ সঞ্চালক শ্ৰীবৎস শাণ্ডিল্যই ভাৰত হৈছে বিভিন্ন লোক সংস্কৃতিৰ জন্মস্থল। আদিম মানৱে লিখিব-পঢ়িব নাজানিছিল যদিও তেওঁলোকে নিজৰ অভিজ্ঞতাৰ পৰা সংগ্ৰহ কৰা জ্ঞানসমূহ তেওঁলোকৰ স্মৃতিপটত সংৰক্ষিত হৈছিল আৰু সেইবোৰ বাচিক আৰু আংগিক আচৰণৰ জৰিয়তে সমাজত প্ৰচলিত হৈছিল। এই ধৰনৰ সংৰক্ষিত আৰু অভিজ্ঞাপিত বিষয়বোৰেই হৈছে পৰম্পৰাগতভাৱে চলি অহা নৃত্য, নাট্য, গীত ইত্যাদিৰ সমষ্টিয়ে হৈছে লোক সংস্কৃতি। এই পৰম্পৰা সমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰিত হৈ বৰ্তমানৰ পৰ্যায় পাইছেহি বুলি ভাষন প্ৰদান কৰে। অনুষ্ঠানত শিল্পী নয়ন বৰা , ড০ থানো হাজৰিকাকে আদি কৰি অঞ্চলটোৰ শতাধিক শিল্পপ্ৰাণ লোকে অংশ গ্ৰহণ কৰি অসমৰ প্ৰাচীনতম শিল্প কলা পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাক শলাগ লয়। উল্লেখ্য যে ১৯৭৯ চনৰ পৰা বটদ্ৰৱাৰ সমীপৱৰ্তী ভালুকমাৰীত পঞ্চৰত্ন পুতলা থিয়েটাৰ জন্ম গ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুতলা নাচ সংস্কৃতি প্ৰদৰ্শন কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
