নতুন দিল্লী, ২৫ জুন (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি তীব্র হ্ৰাস পালে সোণৰ দৰ। আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১৩৫০ টকাৰ পৰা ১৪৭০ টকা হ্ৰাস পায়। একেদৰে আজি ৰূপৰ মূল্যও ১০০০ টকাকৈ সস্তা হৈ পৰিল। মূল্যৰ দুৰ্বলতাৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য ১ লাখ টকাৰ তললৈ নামি আজি প্ৰতি ১০ গ্ৰামত ৯৯,২১০ টকাৰ পৰা ৯৯,৩৬০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৯৪০ টকাৰ পৰা ৯১,০৯০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। সোণৰ দৰে ৰূপৰ দামও কমি আহিল আৰু এই চিকচিকিয়া ধাতু আজি দিল্লীৰ বুলিয়নৰ বজাৰত প্ৰতি কেজিত ১,০৮,৯০০টকা ৰৈ গৈছে।
আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ৯৯,৩৬০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,০৯০ টকা ৰেকৰ্ড কৰা হৈছে। মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৯,২১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৯৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯৯,২৬০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯০,৯৯০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৯,২১০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণ ৯০,৯৪০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৯,২১০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৯০,৯৪০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৯,৩৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,০৯০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৯,২৬০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,৯৯০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৯,৩৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,০৯০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ৯৯,২১০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ৯০,৯৪০ টকাকৈ বিক্ৰী হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
