নতুন দিল্লী, ২৬ আগষ্ট (হি.স.)। গেমফিল্ডছ গ্ৰুপে ইয়াৰ নতুন উচ্চমানৰ পান্না নিলামত ইম্বুক পৰিচয় কৰাই দিছে। এই নিলাম ২৫ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈকে চলিব। ইম্বু হৈছে ১১,৬৮৫ কেৰেটৰ বিশ্বৰ সৰ্ববৃহৎ একক পান্না উৎপাদনকাৰী খনি কাগেম মাইনিং (কাগেম)ত আৱিষ্কাৰ হোৱা শেহতীয়া আৰু সৰ্ববৃহৎ বিৰল ৰত্ন।
জেমফিল্ডছৰ প্ৰডাক্ট এণ্ড চেলছৰ পৰিচালন সঞ্চালক এড্ৰিয়ান বেংকছে মঙলবাৰে এক বিবৃতিত কয় যে এই বৃহৎ ৰত্নটো জিলিকিবলৈ শক্তিশালী পোহৰৰ প্ৰয়োজন, তথাপিও ইম্বুৱে গভীৰ, সেউজীয়া ৰং দেখুৱাইছে, সোণালী জিলিকনি আৰু চকুক আকৰ্ষণ কৰা স্পষ্টতাৰ সৈতে।
‘এম্বুৱে যে উল্লেখযোগ্য আকাৰৰ বহুতো উচ্চমানৰ কাটি পান্না উৎপাদন কৰিব পাৰিব বুলি কল্পনা কৰাটো সহজ। এনে বিৰল সংগ্ৰহে এই একক ৰত্নৰ পৰা সম্পূৰ্ণ উচ্চ গহনা ছুইট সৃষ্টি কৰিব পাৰে।’ বেংকছে কয় যে এই আৱিষ্কাৰে ইয়াৰ নতুন মালিকক কেৱল ব্যতিক্ৰমী ৰত্নৰ উৎস হিচাপেই নহয়, ব্যতিক্ৰমী পান্নাৰ ইতিহাসত মনত ৰখা এক অনন্য বিনিয়োগ হিচাপেও আকৰ্ষণ কৰিব পাৰে।
৬,২২৫ কেৰেটৰ ইনছ’ফু (‘হাতী’ ২০১০), ৫,৬৫৫ কেৰেটৰ ইনকালামু (‘লায়ন’ ২০১৮), আৰু ৭,৫২৫ কেৰেটৰ চিপেম্বেলে (‘ৰাইনো’ ২০২১)ৰ পিছত এম্বুৰ এই আৱিষ্কাৰ। ২,৩৩৭ গ্ৰাম – ১১,৬৮৫ কেৰেট ওজনৰ এম্বু হৈছে কাগেমত এতিয়ালৈকে হোৱা সৰ্ববৃহৎ একক ব্যতিক্ৰমী মানৰ ৰত্ন আৱিষ্কাৰ।
মন কৰিবলগীয়া যে জাম্বিয়াৰ কপাৰবেল্ট প্ৰদেশত অৱস্থিত কাগেমৰ ৭৫ শতাংশ মালিকানাধীন জেমফিল্ডছৰ আৰু জাম্বিয়া চৰকাৰৰ অংশীদাৰিত্বৰে ঔদ্যোগিক উন্নয়ন নিগমৰ জৰিয়তে পৰিচালিত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
