মেলবৰ্ণ (ভিক্টোৰিয়া), ২৬ আগষ্ট (হি.স.)। অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যত মঙলবাৰে পুৱা ৱাৰেণ্ট জাৰি কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত এম্বুছ কৰাত দুজন আৰক্ষী বিষয়া নিহত হয়। গুলীচালনাত এজন আৰক্ষী বিষয়াও আহত হয়।
দ্য এজ কাকতৰ বাতৰি অনুসৰি আজি পুৱা প্ৰায় ১০:৩০ বজাত মেলবৰ্ণৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ উত্তৰ-পূব আৰু ব্রাইটৰ পৰা সাত কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত প’ৰেপুংকাৰ গ্ৰাম্য অঞ্চলত এই ৰক্তপাত সংঘটিত হয়। আক্ৰমণকাৰী বন্দুকধাৰী পলাতক। ভিক্টোৰিয়া আৰক্ষীয়ে জনোৱা মতে, ১০ জন বিষয়াই ৱাৰেণ্ট জাৰি কৰিবলৈ গৈছিল। তেওঁলোকক এম্বুছ কৰা হৈছিল। আহত বিষয়াজনৰ অৱস্থা সংকটজনক।
ভিক্টোৰিয়া আৰক্ষীয়ে জনোৱা মতে, এই সময়ছোৱাত আক্ৰমণকাৰীয়ে দুজন আৰক্ষী বিষয়াৰ অস্ত্ৰ-শস্ত্ৰও কাঢ়ি লৈ যায়। আৰক্ষীয়ে পোৰেপুংকাৰ স্থানীয় ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে। স্থানীয় ৰাইজে জনাইছে যে অঞ্চলটোত গধুৰ আৰক্ষী বাহিনী উপস্থিত আছে। আক্ৰমণকাৰীৰ সন্ধানত নিয়োগ কৰা হৈছে সশস্ত্ৰ হেলিকপ্টাৰ। মেলবৰ্ণৰ পৰা দুখন পেৰামেডিক বিমান উৰা মাৰিছে অঞ্চলটোলৈ। এই গুলীচালনা সন্দৰ্ভত সন্ধিয়া ৬ বজাত ৱাংগাৰাটাত সংবাদমেল অনুষ্ঠিত কৰিব আৰক্ষীয়ে। ভিক্টোৰিয়া আৰক্ষী আয়ুক্ত মাইক বুছে দুজন আৰক্ষী বিষয়াৰ হত্যাক লৈ শোক প্ৰকাশ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
