নতুন দিল্লী, ২৮ আগষ্ট (হি.স.)। আজি বিশ্বৰ মূলধনীজাত বজাৰৰ পৰা মিশ্ৰিত সংকেত লাভ কৰা হৈছে। যোৱা অধিবেশনত শক্তিশালী ব্যৱসায়ৰ অন্তত আমেৰিকাৰ বজাৰসমূহ বন্ধ হৈ পৰে। আজি ডাউ জ’নছ ফিউচাৰ্ছেও লাভৰ সৈতে ব্যৱসায় কৰা দেখা গৈছে। যোৱা অধিবেশনত ইউৰোপৰ বজাৰসমূহত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। একে সময়তে এছিয়াৰ বজাৰতো আজি মিশ্ৰিত ব্যৱসায় দেখা গৈছে।
যোৱা অধিবেশনত আমেৰিকাৰ বজাৰত ক্ৰয় অবিৰত আছিল, যাৰ বাবে ৱাল ষ্ট্ৰীটৰ সূচকাংক শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হৈছিল। এছ এণ্ড পি ৫০০ সূচকাংক ০.২৪ শতাংশ বৃদ্ধিৰে ৬,৪৮১.৪০ পইণ্টত বন্ধ হয়। একেদৰে যোৱা অধিবেশনৰ ব্যৱসায়ৰ অন্ত পেলাইছে নাছডাকে ০.২১ শতাংশ বৃদ্ধিৰে ২১,৫৯০.১৪ পইণ্টত। বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য ১০৯.৩০ পইণ্ট অৰ্থাৎ ০.২৪ শতাংশ বৃদ্ধিৰে ৪৫,৬৭৪.৫৩ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে।
পূৰ্বৰ অধিবেশনত উঠা-নমাৰ সন্মুখীন হোৱাৰ পিছত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈ পৰে। এফ টি এছ ই সূচকাংক ০.১১ শতাংশ হ্ৰাস পাই ৯,২৫৫.৫০ পইণ্টত বন্ধ হয়। একেদৰে ডিএএক্স সূচকাংকই পূৰ্বৰ অধিবেশনত ১০৬.৬৬ পইণ্ট বা ০.৪৪ শতাংশ হ্ৰাস পাই ২৪,০৪৬.২১ পইণ্টত সমাপ্ত হয়। আনহাতে, চিএচি সূচকাংক ০.৪৪ শতাংশ বৃদ্ধিৰে ৭,৭৪৩.৯৩ পইণ্টত বন্ধ হয়।
আজি এছিয়াৰ বজাৰত মিশ্ৰিত ব্যৱসায় চলি আছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৩ খনৰ সূচকাংক হ্ৰাসৰ সৈতে ৰঙা মাৰ্কত ব্যৱসায় কৰি আছে, আনহাতে ৬ খন সূচকাংক বৃদ্ধিৰ সৈতে সেউজ মাৰ্কত আছে। গিফ্ট নিফটিৰ মূল্য ১৫৩.৫০ পইণ্ট বা ০.৬২ শতাংশৰ দুৰ্বলতাৰে ২৪,৫৪৪ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে হাং চেং সূচকাংক ১৭১.৭৬ পইণ্ট বা ০.৬৮ শতাংশ হ্ৰাস পাই ২৫,০৩০ পইণ্ট আৰু টাইৱান ওজন সূচকাংক ১২৩.৪৮ পইণ্ট বা ০.৫০ শতাংশ হ্ৰাস পাই ২৪,৩৯৬.৪২ পইণ্টত উপনীত হয়।
আনহাতে, নিকেই সূচকাংক ২২৩.৭৩ পইণ্ট বা ০.৫৩ শতাংশ বৃদ্ধিৰে ৪২,৭৪৪ পইণ্টত ব্যৱসায় কৰি আছে। একেদৰে কোস্পি সূচকাংক ০.৫৩ শতাংশ বৃদ্ধিৰে ৩,২০৪.০৪ পইণ্টত উপনীত হৈছে। আজি জাকাৰ্টা কম্পোজিট সূচকাংকতো ভাল উত্থান ঘটিছে। বৰ্তমান এই সূচকাংক ০.৭৩ শতাংশ জঁপিয়াই ৭,৯৯৩.৭৮ পইণ্টত উপনীত হৈছে। ইয়াৰ উপৰিও ছেট কম্পোজিট সূচকাংক ০.১৯ শতাংশ জপিয়াই ১২৫০.৩৯ পইণ্ট, ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.১১ শতাংশ বৃদ্ধি পাই ৪,২৫০.৩৪ পইণ্ট আৰু চাংহাই কম্পোজিট সূচকাংক ০.০৭ শতাংশ শক্তিশালী হৈ ৩,৮০৩.০৮ পইণ্টৰ স্তৰত উপনীত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
