নতুন দিল্লী, ২৫ জুন (হি.স.)। ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ পিছত পশ্চিম এছিয়াত উত্তেজনা লাঘৱ হোৱাৰ লগে লগে সপ্তাহটোৰ তৃতীয়টো ব্যৱসায়িক দিন বুধবাৰে সেউজ চিহ্নত মুকলি হয় ঘৰুৱা ভাৰতীয় শ্বেয়াৰ বজাৰ। বিশ্বৰ বজাৰৰ উত্থানৰ মাজতে চেন্সেক্স আৰু নিফটি দুয়োটা প্ৰধান বজাৰ সূচকাংকৰ বৃদ্ধি অব্যাহত আছে।
বৰ্তমান বম্বে ষ্টক এক্সচেঞ্জ (বিএছই)ৰ চেন্সেক্সৰ মূল্য আৰম্ভণিৰ ব্যৱসায়ত ৬০১.২৯ পইণ্ট বা ০.৭৩ শতাংশ জঁপিয়াই ৮২,৬৫৬.৪০ত ট্ৰেণ্ড কৰি আছে । একে সময়তে নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই) নিফটিও ১৬৬.০০ পইণ্ট বা ০.৬৬ শতাংশ বৃদ্ধিৰে ২৫,২১০.৩৫ত ব্যৱসায় কৰি আছে।
ইফালে ৩০টা চেন্সেক্সৰ ষ্টকৰ ভিতৰত ২৯ টা ষ্টক বৃদ্ধি পাইছে। আদানি বন্দৰ, পাৱাৰ গ্ৰীড আৰু এইচ ইউ এল এক শতাংশ বৃদ্ধি পাইছে। অৱশ্যে এছিয়ান পেইণ্টৰ সামান্য হ্ৰাস পাইছে। একে সময়তে ৫০ টা নিফটিৰ ভিতৰত ৪৬ টা ষ্টক বৃদ্ধি পাইছে। এন এছ ইৰ আই টি, অটো আৰু ৰিয়েলটিকে ধৰি সকলো খণ্ডই অধিক ব্যৱসায় কৰি আছে।
উল্লেখযোগ্য যে এদিন পূৰ্বে লাভৰ সৈতে শ্বেয়াৰ বজাৰ বন্ধ হৈছিল। বিএছইৰ চেন্সেক্স ১৫৮.৩২ পইণ্ট বা ০.১৯ শতাংশ জপিয়াই ৮২,০৫৫.১১ পইণ্টত বন্ধ হয়। একে সময়তে এন এছ ইৰ নিফটি ৭২.৪৫ পইণ্ট বা ০.২৯ শতাংশ বৃদ্ধিৰে ২৫,০৪৪.৩৫ ত বন্ধ হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
