নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ (চিচিপিএ)ই বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে অনলাইন কোম্পানী ৰূপেন ট্ৰেন্সপ’ৰ্টেশ্যন চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড (ৰেপিডো)ক ১০ লাখ টকাৰ জৰিমনা বিহিছে । মন্ত্ৰালয়ৰ মতে, এনে বিজ্ঞাপন প্ৰায়ে ভুৱা, বিভ্ৰান্তিকৰ আৰু গ্ৰাহকৰ প্ৰতি অন্যায়। নিয়ন্ত্ৰকে ৰেপিডোক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বিভ্ৰান্তিকৰ বিজ্ঞাপন বন্ধ কৰিবলৈও নিৰ্দেশ দিছে।
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি গ্ৰাহকৰ অধিকাৰ সুৰক্ষাৰ দিশত চিচিপিএই আন এক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু অন্যায় বাণিজ্যিক প্ৰথা প্ৰকাশ কৰাৰ বাবে ৰেপিডোক ১০ লাখ টকা জৰিমনা ভৰিবলৈ নিৰ্দেশ দিছে। লগতে চিচিপিএই ৰেপিডোক কোনো পলম নকৰাকৈ সেই ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিছে যিসকল গ্ৰাহকে কোম্পানীটোৰ ‘পাঁচ মিনিটত অটো অ’টো পাওক বা ৫০ টকা পাওক’ অফাৰ ব্যৱহাৰ কৰিছিল, কিন্তু এই ধনৰাশি নাপালে।
নেশ্যনেল কনজিউমাৰ হেল্পলাইন (এনচিএইচ)ৰ তথ্য অনুসৰি ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ মে’ মাহৰ ভিতৰত ৰেপিড’ৰ বিৰুদ্ধে ৫৭৫টা অভিযোগ আৰু ২০২৪ চনৰ জুন আৰু ২০২৫ চনৰ জুলাইৰ ভিতৰত ১২২৪টা অভিযোগ আহিছে। যোৱা দুবছৰত ৰেপিড’ৰ বিৰুদ্ধে গ্ৰাহকৰ অভিযোগৰ সংখ্যা এনচিএইচলৈ বৃদ্ধি পাইছে। এনে বিজ্ঞাপনৰ প্ৰতি গ্ৰাহকসকলক সতৰ্ক হ’বলৈ আহ্বান জনাই চিচিপিএই কয় যে যদিহে বিভ্ৰান্তিকৰ বিজ্ঞাপন বা অন্যায় বাণিজ্যিক প্ৰথাৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হয় তেন্তে তলত দিয়া ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। নেচনেল কনজিউমাৰ হেল্পলাইন (১৯১৫)ত ফোন কৰক আৰু অভিযোগ দাখিল কৰিবলৈ এনচিএইচ এপ বা ৱেবছাইট ব্যৱহাৰ কৰক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
