নতুন দিল্লী, ২৭ ডিচেম্বৰ (হি.স.)। ৰেন’ল্ট ইণ্ডিয়াকে ধৰি কেইবাটাও কোম্পানীয়ে নতুন বছৰত গাড়ীৰ মূল্য বৃদ্ধি কৰিবলৈ সাজু হৈছে। ফ্ৰান্সৰ অটোম’বাইল কোম্পানীটোৰ সহযোগী কোম্পানী ৰেন’ ইণ্ডিয়াই ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো বাহনৰ মূল্য দুই শতাংশ পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
কোম্পানীটোৱে এক বিবৃতিত কয় যে মডেল আৰু ভেৰিয়েণ্টৰ মাজত এই বৃদ্ধিৰ ভিন্নতা থাকিব। ৰেন’ল্ট ইণ্ডিয়াই মূল্যবৃদ্ধিৰ কাৰণ হিচাপে অটোমোবাইল খণ্ডত বৃদ্ধি পোৱা ইনপুট খৰচ আৰু চলি থকা সামষ্টিক অৰ্থনৈতিক প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰে। ৰেন’ ইণ্ডিয়াই নিজৰ আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছে যে তেওঁলোকে ভাৰতীয় গ্ৰাহকক উন্নতমানৰ সামগ্ৰী আৰু সেৱা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিছে, একে সময়তে প্ৰতিযোগিতামূলক মূল্য বজাই ৰাখিছে।
ফ্ৰান্সৰ ৰেন’ গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী ৰেন’ ইণ্ডিয়াই ভাৰতৰ বজাৰত তিনিটা মডেলৰ সৈতে নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিছে: কুইড, ট্ৰাইবাৰ আৰু কিগাৰ। কোম্পানীটোৱে বিভিন্ন গ্ৰাহকৰ প্ৰয়োজন অনুসৰি সুলভ মূল্যৰ, ব্যৱহাৰিক আৰু মূল্যভিত্তিক বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰেন’লে লগতে কয় যে গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা কৰা গ্ৰাহকে ২০২৫ চনৰ ডিচেম্বৰৰ শেষলৈকে বৰ্তমানৰ মূল্যত ক্ৰয় কৰিব পাৰিব।
ইয়াৰ উপৰিও মাৰ্চিডিজ-বেঞ্জ, জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়া, নিছান, বি এম ডব্লিউ মটৰৰেড, আদিকে ধৰি কেইবাটাও ভাৰতীয় অটোমোবাইল কোম্পানীয়ে মুদ্ৰাস্ফীতি, যোগান শৃংখলৰ খৰচ, আৰু নিয়ন্ত্ৰণৰ পৰিৱৰ্তনৰ বাবে নতুন বছৰৰ পূৰ্বে মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে। জে এছ ডব্লিউ এম জি আৰু মাৰ্চিডিজ বেঞ্জৰ পিছত নিছান মটৰ ইণ্ডিয়াইও মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছে। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা নিছান গাড়ীৰ মূল্য তিনি শতাংশ পৰ্যন্ত বৃদ্ধি পাব। বৰ্তমান এই কোম্পানীটোৱে ভাৰতীয় বজাৰত মাত্ৰ এখন গাড়ীহে বিক্ৰী কৰে, সেয়া হৈছে মেগনাইট।
हिन्दुस्थान समाचार / অৰৱিন্দ
