নতুন দিল্লী, ২৪ জুন (হি.স.)। এছ এণ্ড পি গ্ল’বেল ৰেটিঙে মঙলবাৰে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বানুমান ৬.৫ শতাংশলৈ বৃদ্ধি কৰে।
স্বাভাৱিক বাৰিষা, খাৰুৱা তেলৰ কম মূল্য আৰু মুদ্ৰাৰ কোমলতাক মনত ৰাখি আজি প্ৰকাশ কৰা এছিয়া পেচিফিক ইকনমিক আউটলুকত ৰেটিং এজেন্সীয়ে বৃদ্ধিৰ হাৰৰ পূৰ্বানুমান বৃদ্ধি কৰিছে। অৱশ্যে পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ বাবে বিশ্ব অৰ্থনীতিৰ প্ৰতি বিপদৰ আশংকাও প্ৰকাশ কৰিছে এছ এণ্ড পিয়ে। বিশ্বৰ অনিশ্চয়তা আৰু আমেৰিকাৰ শুল্ক জোকাৰণিৰ কাৰণে এছ এণ্ড পিয়ে যোৱা মাহত চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বাভাস ২০ বেছিছ পইণ্ট (০.২০ শতাংশ) হ্ৰাস কৰি ৬.৩ শতাংশলৈ হ্ৰাস কৰিছিল।
সংস্থাটোৱে শেহতীয়া পূৰ্বানুমানত কয় যে যদিহে পশ্চিম এছিয়াৰ সংঘাত দীঘলীয়া হয় তেন্তে ইয়াৰ ফলত তেলৰ মূল্য বৃদ্ধি পাব পাৰে, যাৰ ফলত এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পৰিব। ভাৰতে ৯০ শতাংশ খাৰুৱা তেলৰ প্ৰয়োজনৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰায় আধা প্ৰাকৃতিক গেছ বিদেশৰ পৰা ক্ৰয় কৰে। এছ এণ্ড পিয়ে কয় যে ভাৰতৰ দৰে পণ্য ৰপ্তানিৰ সৈতে কম জড়িত অৰ্থনীতিৰ অৰ্থনৈতিক মন্দাৱস্থা সীমিত কৰাৰ ক্ষেত্ৰত ঘৰুৱা চাহিদাৰ প্ৰতি স্থিতিস্থাপকতা বিশেষভাৱে প্ৰাসংগিক।
এছ এণ্ড পিয়ে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ হ’ব বুলি আমি ভাবো। এই পূৰ্বানুমানত স্বাভাৱিক বাৰিষা, খাৰুৱা তেলৰ কম মূল্য, আয়কৰ ৰেহাই আৰু মুদ্ৰা শিথিলতা অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ বাবে এছ এণ্ড পিৰ শেহতীয়া বৃদ্ধিৰ পূৰ্বাভাস চলিত মাহৰ আৰম্ভণিতে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা ৬.৫ শতাংশ অনুমানৰ সৈতে মিল আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
