নতুন দিল্লী ২৯ জুলাই (হি.স.)। দেশৰ পৰৱৰ্তী প্ৰজন্মৰ দক্ষতা চেম্পিয়নৰ বাবে মঞ্চ সাজু হৈছে। ইণ্ডিয়াস্কিলছ প্ৰতিযোগিতা (আই এছ চি)ৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত ৬৩টা দক্ষতা অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ বাবে দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো অংশগ্ৰহণকাৰীয়ে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।
কৌশল উন্নয়ন আৰু উদ্যোগিতা মন্ত্ৰালয় (এম এছ ডি ই) অনুসৰি আই এছ চি ২০২৫ ৰ বাবে পঞ্জীকৰণ স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছ আই ডি এইচ) পোর্টেলৰ জৰিয়তে ৩০ ছেপ্টেমবৰৰ পৰা অনলাইন সম্পূৰ্ণ কৰিব পাৰিব। স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ) পৰ্টেলৰ জৰিয়তে ৩০ ছেপ্টেম্বৰলৈকে আই এছ চি ২০২৫ৰ পঞ্জীয়ন অনলাইনযোগে সম্পূৰ্ণ কৰিব পাৰিব। এই প্ৰতিযোগিতাত দেশৰ সকলো নাগৰিকে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ বাবে নূন্যতম বয়স ১৬ বছৰ আৰু সৰ্বোচ্চ বয়সৰ সীমা ২৫ বছৰ। সাধাৰণতে অংশগ্ৰহণকাৰীসকলৰ জন্ম ২০০৪ চনৰ ১ জানুৱাৰী বা তাৰ পিছত হ’ব লাগে। চাইবাৰ নিৰাপত্তা, মেকাট্ৰনিকছ, বিমান ৰক্ষণাবেক্ষণ আদিৰ দৰে কিছুমান উন্নত কাৰিকৰী দক্ষতাৰ বাবে অংশগ্ৰহণকাৰীসকলৰ জন্ম ২০০১ চনৰ ১ জানুৱাৰী বা তাৰ পিছত হ’ব লাগে।প্ৰতিজন অংশগ্ৰহণকাৰীয়ে মাত্ৰ এটা দক্ষতাৰ বাবে আবেদন কৰিব পাৰে।
মন্ত্ৰালয়ৰ মতে, ইয়াৰ বাবে পঞ্জীয়ন লিংক হৈছে-https://www.skillindiadigital.gov.in/account/register?returnUrl=%2Findia-skills-2025&utm_source=BannerClicks&utm_medium=Web&utm_campaign=IndiaSkills। উত্তৰ, দক্ষিণ, পূব, পশ্চিম আৰু উত্তৰ-পূব পাঁচটা অঞ্চলত আঞ্চলিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে চূড়ান্ত ইণ্ডিয়াস্কিলছ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন কেন্দ্ৰীয়ভাৱে এম এছ ডি ইৰ উদ্যোগত আয়োজন কৰা হ’ব। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বিজয়ীসকলক বিশ্ব দক্ষতা প্ৰতিযোগিতা ২০২৬ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশক প্ৰতিনিধিত্ব কৰিবলৈ বিস্তৃত প্ৰশিক্ষণ আৰু পথ প্ৰদৰ্শন কৰা হ’ব। অতিৰিক্ত তথ্যৰ বাবে www.skillindiadigital.gov.in ত যোগাযোগ কৰিব পাৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
