নতুন দিল্লী, ১৯ ডিছেম্বৰ (হি.স.)। নগদ ধনৰ অভাৱত ভোগা কম খৰচী বিমান সেৱা প্ৰদানকাৰী কোম্পানী স্পাইচজেটে দেউলীয়া বিমান সংস্থা গ’ ফাৰ্ষ্টক অধিগ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। যথাযথ পৰ্যালোচনাৰ অন্তত দেউলীয়া বিমান সংস্থা গ’ফাৰ্ষ্টৰ বাবে প্ৰস্তাৱ দাখিল কৰাৰ পৰিকল্পনা কৰিছে স্পাইচজেটে।
মঙলবাৰে ষ্টক এক্সচেঞ্জক দিয়া তথ্যত স্পাইচজেটে কয় যে তেওঁলোকে ‘গ’ ফাৰ্ষ্টৰ ৰিজ’লিউচন প্ৰফেচনেল (আৰ পি)ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। যথাযথ পৰীক্ষা নিৰীক্ষাৰ পিছত অধিগ্ৰহণ প্ৰস্তাৱ দিয়াৰ মনস্থ কৰা বুলি কয় বিমান সংস্থাটোৱে। কোম্পানীটোৰ মতে, এই অধিগ্ৰহণ প্ৰস্তাৱৰ উদ্দেশ্য হৈছে স্পাইচজেটৰ সৈতে সম্ভাৱ্য সম্পৰ্কত গ’ ফাৰ্ষ্টক এক শক্তিশালী আৰু কাৰ্য্যক্ষম বিমান সংস্থা হিচাপে গঢ়ি তোলা।
কোম্পানীটোৱে কয় যে তেওঁলোকৰ বিত্তীয় অৱস্থা শক্তিশালী কৰাৰ লগতে উন্নয়ন পৰিকল্পনাত সম্পদ আৰু বিনিয়োগ প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰায় ২৭ কোটি মাৰ্কিন ডলাৰৰ নতুন মূলধন সংগ্ৰহৰ প্ৰক্ৰিয়াত অনুমোদন জনাইছে। অৱশ্যে ছেপ্টেম্বৰ ত্ৰৈমাসিকত স্পাইচজেটৰ নিকা লোকচান হৈছে ৪২৮ কোটি টকা। একে সময়তে বিমান সংস্থাটোৱে সালিসী ৰায়দানৰ পিছত প্ৰাক্তন প্ৰমোটাৰ কলানিথি মৰাণকো দিব লাগিব বাকী থকা ধন।
উল্লেখযোগ্য যে ‘প্ৰেট এণ্ড হুইটনী ইঞ্জিন’ৰ সমস্যাৰ বাবে উদ্ভৱ হোৱা আৰ্থিক সংকটৰ মাজতে গ’ ফাৰ্ষ্ট এয়াৰলাইন্সে যোৱা ৩ মে’ৰ পৰা বিমান সেৱা বন্ধ কৰি দিছিল। বৰ্তমান কোম্পানীটোৱে ইনছলভেন্সি সমাধান প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িছে। গ’ ফাৰ্ষ্টৰ পাওনাদাৰৰ ঋণ আছে ৬,২০০ কোটি টকাতকৈ অধিক।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ
