নতুন দিল্লী, ১৫ জানুৱাৰী (হি.স.)। খুচুৰা বিক্ৰীৰ পিছত পাইকাৰী মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰতো সাধাৰণ মানুহক স্তম্ভিত কৰিব পৰা খবৰ আহিছে। ডিছেম্বৰ মাহত পাইকাৰী মুদ্ৰাস্ফীতি ৯ মাহৰ সৰ্বোচ্চ ০.৭৩ শতাংশলৈ বৃদ্ধি পাইছিল। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত ইয়াৰ হাৰ আছিল ০.২৬ শতাংশ।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্যত প্ৰকাশ কৰা অনুসৰি পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ডিছেম্বৰ মাহত ০.৭৩ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে এপ্ৰিলৰ পৰা অক্টোবৰলৈকে পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ক্ৰমাগতভাৱে শূন্যৰ তলত আছিল, আনহাতে নৱেম্বৰ মাহত ই ০.২৬ শতাংশলৈ জপিয়াই পৰিছিল। মন্ত্ৰালয়ৰ মতে, পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰৰ এই জঁপিয়াই পৰা খাদ্য সামগ্ৰী বিশেষকৈ শাক-পাচলি আৰু দালিৰ মূল্য বৃদ্ধিৰ বাবেই হৈছে।
তথ্য অনুসৰি ডিছেম্বৰ মাহত ডব্লিউ পি আইৰ ভিত্তিত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি ৯.৩৮ শতাংশলৈ বৃদ্ধি পাইছে, যিটো নৱেম্বৰ মাহত ৮.১৮ শতাংশ আছিল। একেদৰে ডিচেম্বৰ মাহত শাক-পাচলিৰ মুদ্ৰাস্ফীতিৰ হাৰ ২৬.৩০ শতাংশ হোৱাৰ বিপৰীতে দালিৰ মুদ্ৰাস্ফীতিৰ হাৰ ১৯.৬০ শতাংশ। মন্ত্ৰালয়ৰ তথ্য অনুসৰি খাদ্য সামগ্ৰীৰ উপৰিও যন্ত্ৰপাতিৰ সঁজুলি, উৎপাদন, পৰিবহণ আৰু কম্পিউটাৰ, ইলেক্ট্ৰনিক আৰু অপটিকেল সামগ্ৰী আদিৰ মূল্যবৃদ্ধিয়ে ডিচেম্বৰ মাহত পাইকাৰী মুদ্ৰাস্ফীতি বৃদ্ধিৰ কাৰণ হৈ পৰিছে।
উল্লেখযোগ্য যে যোৱা সপ্তাহত এন এছ অ’ই প্ৰকাশ কৰা তথ্য অনুসৰি ডিছেম্বৰ মাহত গ্ৰাহক মূল্য সূচকাংকৰ ভিত্তিত খুচুৰা মুদ্ৰাস্ফীতি চাৰি মাহৰ সৰ্বোচ্চ ৫.৬৯ শতাংশলৈ বৃদ্ধি পাইছে। কিন্তু ডিছেম্বৰৰ মুদ্ৰা নীতি পৰ্যালোচনাৰ বৈঠকত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৫.৪ শতাংশ মুদ্ৰাস্ফীতিৰ লক্ষ্য অপৰিৱৰ্তিত ৰাখিছিল।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ
