-২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপন
-২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰলৈ প্ৰেৰণ কৰিব মানুহ
-ভাৰতে শুক্ৰ আৰু মংগল গ্ৰহলৈ আৰম্ভ কৰিব অভিযান
নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ভাৰতৰ গগণয়ান অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ ভৱিষ্যৎ খচৰা প্ৰস্তুত কৰা এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত মহাকাশ বিভাগে গগণয়ান অভিযানৰ এক বিস্তৃত আভাস দাঙি ধৰে, য’ত এতিয়ালৈকে বিকশিত হোৱা বিভিন্ন প্ৰযুক্তি যেনে মানৱ ৰেটিংযুক্ত উৎক্ষেপণ বাহন আৰু ব্যৱস্থাৰ অৰ্হতাকে ধৰি এক বিস্তৃত আভাস দাখিল কৰে। মন কৰিবলগীয়া যে হিউমেন ৰেটেড লঞ্চ ভেহিকেল (এইচএলভিএম৩)ৰ ৩টা আনক্ৰড মিছনকে ধৰি প্ৰায় ২০টা ডাঙৰ পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে। ক্ৰু এস্কেপ চিষ্টেম টেষ্ট বাহনৰ প্ৰথমখন প্ৰদৰ্শনীমূলক উৰণ ২১ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছে। এই বৈঠকত ২০২৫ চনত আৰম্ভ হোৱাৰ কথা নিশ্চিত কৰাৰ সমান্তৰালভাৱে এই অভিযানৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয়।
শেহতীয়া চন্দ্ৰযান-৩ আৰু আদিত্য এল ১ অভিযানকে ধৰি ভাৰতৰ মহাকাশ পদক্ষেপৰ সফলতাৰ ওপৰত ভিত্তি কৰি প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে ভাৰতে এতিয়া ২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপন কৰা তথা ২০৪০ চনৰ ভিতৰত চন্দ্ৰলৈ প্ৰথম ভাৰতীয় প্ৰেৰণ কৰাকে ধৰি নতুন আৰু অধিক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে।
এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ মহাকাশ বিভাগে চন্দ্ৰৰ অন্বেষণৰ পৰিকল্পনা প্ৰস্তুত কৰিব। ইয়াৰ ভিতৰত চন্দ্ৰযান অভিযানৰ ধাৰাবাহিকতা, পৰৱৰ্তী প্ৰজন্ম প্ৰক্ষেপণ বাহন(এন জি এল ভি)ৰ বিকাশ, নতুন উৎক্ষেপন পেড নিৰ্মাণ, মানৱকেন্দ্ৰিক পৰীক্ষাগাৰ স্থাপন আৰু আনুষংগিক প্ৰযুক্তিৰ ব্যৱস্থা থাকিব।
প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বিজ্ঞানীসকলক ভেনাছ অৰ্বিটাৰ মিছন আৰু মাৰ্চ লেণ্ডাৰকে ধৰি আন্তঃগ্ৰহ অভিযানৰ দিশত কাম কৰিবলৈও আহ্বান জনায়।
ভাৰতৰ সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নতুন উচ্চতা বৃদ্ধিৰ বাবে দেশৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ/অৰবিন্দ
