
কলকাতা, ১০ অক্টোবৰ (হি.স.)। মধ্যপ্ৰদেশত কলড্ৰিফ কাহ চিৰাপ সেৱনৰ বাবে কেইবাটাও শিশুৰ মৃত্যুৰ ঘটনাৰ পিছত, পশ্চিম বংগত ইয়াৰ বিক্ৰী তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হৈছে। ৰাজ্যৰ সকলো খুচুৰা আৰু পাইকাৰী ঔষধ ব্যৱসায়ীক এই কাহৰ চিৰাপৰ বিক্ৰী বন্ধ কৰিবলৈ বংগ কেমিষ্টছ এণ্ড ড্ৰাগিষ্ট এছ’চিয়েশ্যনে এক নিৰ্দেশ জাৰি কৰিছে।
বিচিডিএৰ সম্পাদক পৃথ্বী বসুৱে শুকুৰবাৰে উল্লেখ কৰে যে মধ্যপ্ৰদেশৰ কাণ্ডৰ সৈতে জড়িত বেচটো পশ্চিম বংগত উপস্থিত হোৱা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে সকলো ড্ৰাগছ ব্যৱসায়ীক ইয়াৰ ষ্টকিং আৰু বিক্ৰী বন্ধ কৰিবলৈ কোৱা হৈছে। তেওঁ লগতে কয় যে অধিক কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ ১১ অক্টোবৰত ড্ৰাগছ ব্যৱসায়ীসকলৰ সৈতে এখন বৈঠক আহ্বান কৰা হৈছে।
সমগ্ৰ দেশতে অভাৰ দ্য কাউণ্টাৰ কাহৰ চিৰাপৰ মানদণ্ডক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কলড্ৰিফ চিৰাপ প্ৰস্তুত কৰিছে তামিলনাডুৰ এটা ফাৰ্মাচিউটিকেল কোম্পানীয়ে, যাৰ নিৰ্মাতাক শিশুকেইটাৰ মৃত্যুৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে । এই ঘটনাই পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যত আতংকৰ সৃষ্টি কৰিছিল।
খবৰ অনুসৰি এই চিৰাপত প্ৰপাইলিন গ্লাইকল, গ্লিচাৰিন, ছৰবিটলৰ দৰে ৰাসায়নিক পদাৰ্থ আছিল। পশ্চিম বংগ ৰাজ্যিক ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই নিৰ্দেশ জাৰি কৰিছে যে এই ৰাসায়নিক পদাৰ্থসমূহ কেৱল প্ৰমাণিত বিক্ৰেতাৰ পৰাহে যোগান ধৰিব লাগে আৰু স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰত পৰীক্ষা কৰিব লাগে। পৰীক্ষাৰ প্ৰতিবেদন ড্ৰাগ কণ্ট্ৰল ব’ৰ্ডৰ অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষত জমা দিব লাগিব।
ইফালে শিশু চিকিৎসকে সকীয়াই দিছে যে চিৰাপত ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকলৰ দৰে উপাদানৰ উপস্থিতিত প্ৰকৃত বিপদ নিহিত হৈ আছে, যিবোৰে বৃক্কৰ গুৰুতৰ ক্ষতি কৰে বুলি জনা যায়।
ইনষ্টিটিউট অৱ চাইল্ড হেল্থৰ অধ্যক্ষ ডাঃ জেডেব ৰয়ে কয় যে, এয়া প্ৰথমবাৰৰ বাবে এনে কাণ্ড সংঘটিত হোৱা নাই। সাৱধানতাই একমাত্ৰ সমাধান। তেওঁ অভিভাৱকসকলক চিকিৎসকৰ পৰামৰ্শ অবিহনে শিশুক কাহৰ চিৰাপ নিদিবলৈ পৰামৰ্শ দিয়ে। তেওঁ লগতে কয়, কেঁচুৱাই প্ৰায়ে চিৰাপৰ প্ৰভাৱত পাতল হোৱা শ্লেষ্মা কফ উলিয়াব নোৱাৰে, যাৰ ফলত বিপদ বৃদ্ধি পায়। ইণ্টাৰনেটৰ পৰা তথ্যৰ ভিত্তিত ঔষধ ক্ৰয় কৰাৰ ধাৰাটো অত্যন্ত চিন্তনীয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
