নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। সম্প্ৰতি ভিয়েটনাম ভ্ৰমণত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ। আজি তেওঁ প্ৰধানমন্ত্ৰী ফাম মিন চিনহক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা জনায়। বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে টুইটাৰযোগে এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত কৰাৰ বাবে তেওঁৰ পথ প্ৰদৰ্শন গুৰুত্বপূৰ্ণ।
ভাৰত-ভিয়েটনামৰ শক্তিশালী অংশীদাৰিত্বই সুস্থিৰ, সুৰক্ষিত আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৰিহণা যোগাব। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু তেওঁৰ সমকক্ষ বুই থান ছনে আজি হানয়ত অনুষ্ঠিত ১৮ সংখ্যক ভাৰত-ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকৰ সহ-অধ্যক্ষতা কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই বৈঠকক অৰ্থপূৰ্ণ বুলি অভিহিত কৰি কয় যে অনাগত বছৰবোৰত আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হ’ব বুলি তেওঁ আত্মবিশ্বাসী। তেওঁ কয় যে দুয়োখন দেশৰ মাজত হোৱা আলোচনাত ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সুৰক্ষা, ন্যায়িক, বাণিজ্য আৰু বিনিয়োগ, শক্তি, উন্নয়ন, শিক্ষা আৰু প্ৰশিক্ষণ, বিজ্ঞান আৰু প্ৰযুক্তি, সাংস্কৃতিক খণ্ডৰ সহযোগিতা আদি অন্তৰ্ভুক্ত কৰা হৈছে।
ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দৃষ্টিভংগী, বিশ্বজনীন সমস্যাৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু বিভিন্ন বহুপক্ষীয় গোটত আমাৰ সহযোগিতাও ভাগ কৰা হৈছিল। বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভিয়েটনামৰ কূটনৈতিক একাডেমীকো ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত’ বিষয়ক সম্বোধন কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় গঢ়াত সহযোগিতাৰ লগত জড়িত উমৈহতীয়া স্বাৰ্থৰ বিষয়ে আলোচনা কৰে। আছিয়ানৰ কেন্দ্ৰীয়তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু কোৱাডৰ অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁ অৱগত কৰে যে ভাৰত আৰু ভিয়েটনামে নিজৰ স্বাধীন চিন্তাধাৰাৰে কেনেকৈ বহুমেৰু আৰু নিয়মভিত্তিক বিশ্বব্যৱস্থাক প্ৰসাৰিত কৰিব পাৰে। ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ বহিঃসম্পৰ্ক আয়োগৰ অধ্যক্ষ লে হোই ট্ৰুঙৰ সৈতেও জয়শংকৰে এক ফলপ্ৰসূ মত বিনিময় কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে এই সময়ছোৱাত ভাৰত আৰু ভিয়েটনামৰ প্ৰধান আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত এক উমৈহতীয়া দৃষ্টিভংগী স্পষ্টভাৱে উন্মোচিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে তেওঁৰ সমকক্ষ বুই থান ছনৰ সৈতে যৌথভাৱে ভাৰত আৰু ভিয়েটনামৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিচাৰণ ডাকটিকট উন্মোচন কৰে। কলাৰিপায়াট্টু আৰু ভোভিনামৰ চিত্ৰ অংকন কৰা ডাকটিকটসমূহে এই ক্ৰীড়াৰ প্ৰতি দুয়োখন দেশৰ ভাগ-বতৰা কৰা আত্মীয়তাক প্ৰতিফলিত কৰে আৰু সাংস্কৃতিক, সামাজিক আৰু জনসাধাৰণৰ মাজত থকা শক্তিশালী সম্পৰ্কক উদযাপন কৰে।
উল্লেখযোগ্য যে বিদেশ মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে ভিয়েটনাম আৰু ছিংগাপুৰৰ ৬ দিনীয়া ভ্ৰমণসূচীৰে হানয়ত উপস্থিত হৈছিল। ভিয়েটনামৰ পৰা জয়শংকৰে ১৯ৰ পৰা ২০ অক্টোবৰলৈ ছিংগাপুৰ ভ্ৰমণ কৰিব।
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ/অৰবিন্দ
