বিশ্বনাথ, ৩০ ডিচেম্বৰ (হি.স.): বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। বাংলাদেশৰ দিপু চন্দ্র দাস নামৰ হিন্দু ধৰ্মাৱলম্বী লোকজনক বাংলাদেশী মৌলবাদীয়ে অকথ্য নির্যাতন চলাই হত্যা কৰাৰ প্ৰতিবাদত বিহালী বৰগাং চেণ্টাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি সোমবাৰে সন্ধিয়া মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
সনাতনী হিন্দু ঐক্য মঞ্চৰ উদ্যোগত আৰু সচেতন ৰাইজৰ সহযোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। উল্লেখ্যে যে বাংলাদেশৰ মৈমনসিঙৰ (ভালুক) দীপু চন্দ্ৰ দাস নামৰ এজন ধৰ্মীয় সংখ্যালঘূ শ্রমিকক যোৱা ১৮ ডিচেম্বৰ তাৰিখে নৃশংস ভাৱে বাংলাদেশত মুছলিম মৌলবাদীসকলে হত্যা কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
