ঢাকা (বাংলাদেশ), ৩০ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি )ৰ অধ্যক্ষ খালেদা জিয়াৰ আজি পুৱা ৬ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ ৮০ বছৰ বয়স হৈছিল । বিএনপি মিডিয়া চেলে নিজৰ অফিচিয়েল ফেচবুক পেজত এই কথা ঘোষণা কৰে।
এই কথা প্ৰকাশ কৰিছে ঢাকা ট্ৰিবিউন কাকতে। ইয়াৰ পূৰ্বে সেই নিশা খালেদা জিয়াৰ চিকিৎসাৰ বাবে গঠন কৰা চিকিৎসা ব’ৰ্ডৰ সদস্য তথা বিএনপিৰ স্থায়ী সমিতিৰ সদস্য এজেএম জাহিদ হোছেইনে সাংবাদিকৰ আগত কয় যে তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছে। ৰাজধানী ঢাকাৰ এভাৰকেয়াৰ হাস্পতালৰ মূল গেটত পুৱা প্ৰায় ২:১৫ বজাত সাংবাদিকৰ আগত ডাঃ জাহিদে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমান অতি জটিল পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। খালেদা জিয়াক ২৩ নৱেম্বৰত এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। খালেদাৰ পুত্ৰ তাৰিক ৰহমানে শেহতীয়াকৈ প্ৰায় ১৭ বছৰৰ অন্তত লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
