কাঠমাণ্ডু, ০৭ ছেপ্টেম্বৰ (হি.স.)। শেহতীয়াকৈ কেইবাটাও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ চৰকাৰক দাবী জনাইছে নেপালী কংগ্ৰেছে। এই সন্দৰ্ভত দলৰ শীৰ্ষ নেতাসকলে শীঘ্ৰে প্ৰধানমন্ত্ৰী অলিৰ সৈতে কথা পাতিব।
নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাৰ বাসগৃহত দেওবাৰে অনুষ্ঠিত দলৰ কাৰ্যকৰী সমিতিৰ বৈঠকত এই বিষয়ত চৰকাৰৰ সৈতে আলোচনা হ’ব লাগে বুলি সিদ্ধান্ত লোৱা হয়। দলৰ যুটীয়া সাধাৰণ সম্পাদক দীনা উপাধ্যায়ৰ মতে, চৰকাৰৰ এই পদক্ষেপক লৈ বহু নেতাই অসন্তুষ্টি প্ৰকাশ কৰে। উপাধ্যায়ে কয় যে ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়, কিন্তু সম্পূৰ্ণ বন্ধ কৰাটো সঠিক নহয়। লগতে তেওঁ কয় যে অতি সোনকালে দলৰ শীৰ্ষ নেতাসকলে প্ৰধানমন্ত্ৰীক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাবলৈ ওলাইছে।
ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অৰ্জুন নৰসিং কে চিয়ে কয় যে ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ সিদ্ধান্তই ব্যাপক জনসাধাৰণৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে। তেওঁ জোৰ দি কয় যে যেতিয়া চৰকাৰে এনে একপক্ষীয় আৰু বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়া নেপালী কংগ্ৰেছে হস্তক্ষেপ কৰিব লাগে। সংসদত বিচাৰাধীন হৈ থকা এটা বিষয়ত পূৰ্বৰ আলোচনা অবিহনে এই পদক্ষেপ লোৱাৰ বাবেও শাসকীয় মিত্ৰজোঁটক সমালোচনা কৰি কেচিয়ে এই পদক্ষেপক অন্যায় আৰু অগণতান্ত্ৰিক বুলি অভিহিত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
